গুৱাহাটী মহানগৰীৰ অন্যতম গুৰুত্বপূৰ্ণ জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে ৫ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক কাৰ্যালয় কক্ষত সম্বৰ্দ্ধনা জনায়।সমিতিৰ সভাপতি শ্ৰীমন্ত কুমাৰ দাস,উপ সভাপতি প্ৰভাস কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক চাদিক আহমেদৰ নেতৃত্বত যোৱা সজাতি দলটোৱে আৰক্ষী আয়ুক্ত গৰাকীক গামোচা,ফুলৰ থোপাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে এখন মানপত্র প্ৰদান কৰি এক বাৰ্তালাপত মিলিত হয়।বাৰ্তালাপত আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই মহানগৰীত চুৰি,ডকাইতি,ধনদাবী,বেদখলকে ধৰি সৰু সুৰা অপৰাধ নিয়ন্ত্রণ কৰি সমাজত শান্তি শৃংখলা ৰক্ষা কৰিবলৈ হ’লে নাগৰিক সমিতি সমূহে আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব বুলি সদৰি কৰে।সমান্তৰালভাৱে বিগত দিনকেইটাত জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে আৰক্ষীক আগবঢ়াই অহা সহায় সহযোগিতাৰ শলাগ লৈ আৰক্ষী আয়ুক্ত গৰাকীয়ে অনাগত দিনত এই সহায় সহযোগিতাৰ ধাৰা অব্যাহত থাকিব বুলি আশা ব্যক্ত কৰে।আনহাতে বাৰ্তালাপত সমিতিৰ কৰ্মকৰ্তা সকলেও অসামাজিক কাৰ্যকলাপ ৰোধত আৰক্ষীক সহযোগ আগবঢ়াব বুলি আৰক্ষী আয়ুক্ত গৰাকীক আশ্বাস দিয়ে।
Trending
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ