গুৱাহাটী মহানগৰীৰ অন্যতম গুৰুত্বপূৰ্ণ জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে ৫ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক কাৰ্যালয় কক্ষত সম্বৰ্দ্ধনা জনায়।সমিতিৰ সভাপতি শ্ৰীমন্ত কুমাৰ দাস,উপ সভাপতি প্ৰভাস কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক চাদিক আহমেদৰ নেতৃত্বত যোৱা সজাতি দলটোৱে আৰক্ষী আয়ুক্ত গৰাকীক গামোচা,ফুলৰ থোপাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে এখন মানপত্র প্ৰদান কৰি এক বাৰ্তালাপত মিলিত হয়।বাৰ্তালাপত আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই মহানগৰীত চুৰি,ডকাইতি,ধনদাবী,বেদখলকে ধৰি সৰু সুৰা অপৰাধ নিয়ন্ত্রণ কৰি সমাজত শান্তি শৃংখলা ৰক্ষা কৰিবলৈ হ’লে নাগৰিক সমিতি সমূহে আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব বুলি সদৰি কৰে।সমান্তৰালভাৱে বিগত দিনকেইটাত জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে আৰক্ষীক আগবঢ়াই অহা সহায় সহযোগিতাৰ শলাগ লৈ আৰক্ষী আয়ুক্ত গৰাকীয়ে অনাগত দিনত এই সহায় সহযোগিতাৰ ধাৰা অব্যাহত থাকিব বুলি আশা ব্যক্ত কৰে।আনহাতে বাৰ্তালাপত সমিতিৰ কৰ্মকৰ্তা সকলেও অসামাজিক কাৰ্যকলাপ ৰোধত আৰক্ষীক সহযোগ আগবঢ়াব বুলি আৰক্ষী আয়ুক্ত গৰাকীক আশ্বাস দিয়ে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem