অসম ক্ৰীড়া দিৱস উদযাপন সমিতি আৰু বীৰ চিলাৰায় স্পৰ্টছ ক্লাৱৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত সিংহ পুৰুষ, আধুনিক অসমৰ নিৰ্মাতা ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন উপলক্ষে অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ উৎপল চক্ৰৱৰ্তী, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ শৰ্মা, অনুসূয়া বৰুৱা, সবিতা বৰ্মন চৌধুৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বিভিন্ন ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত সকলৰ ভিতৰত ডা০ অঞ্জলী শৰ্মা বৰুৱা, আভা শইকীয়া, ফাৰিহা ৰহমান, জ্যোৎস্না বেজবৰুৱা, বিনিতা ৰয়, ধিৰিত্ৰী জুমি কলিতা, অৰুন্ধুতি বেজবৰুৱা, কন্ঠ শিল্পী দীপক দাস, শৰ্মিলা বৰুৱা, ইভা বড়ো দত্ত, চেমিনা বেগম খান, মহিবুল হ’ক, পল্লবিতা বৰা, দময়ন্তী বড়ো, হাচমত আলী আহমেদ, ডা০ নবাব ইউনুছ, মৃদুল চৌধুৰী, ভাৰ্গৱ শৰ্মা, সঞ্জয় অসমীয়া আদিক সম্বৰ্ধনা জনোৱাৰ লগতে চিত্ৰাঙ্কন প্ৰতিয়োগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। অনুষ্ঠানৰ আতঁধৰে সম্পাদক নৱজ্যোতি দাসে। অনুষ্ঠানত সভাপতি মনোজ শইকীয়াই অসমৰ জাতীয় জীৱনত সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কাম কৰি যাবলৈ নতুন প্ৰজন্মক আহ্বান জনায়।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme