অসম ক্ৰীড়া দিৱস উদযাপন সমিতি আৰু বীৰ চিলাৰায় স্পৰ্টছ ক্লাৱৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত সিংহ পুৰুষ, আধুনিক অসমৰ নিৰ্মাতা ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন উপলক্ষে অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ উৎপল চক্ৰৱৰ্তী, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ শৰ্মা, অনুসূয়া বৰুৱা, সবিতা বৰ্মন চৌধুৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বিভিন্ন ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত সকলৰ ভিতৰত ডা০ অঞ্জলী শৰ্মা বৰুৱা, আভা শইকীয়া, ফাৰিহা ৰহমান, জ্যোৎস্না বেজবৰুৱা, বিনিতা ৰয়, ধিৰিত্ৰী জুমি কলিতা, অৰুন্ধুতি বেজবৰুৱা, কন্ঠ শিল্পী দীপক দাস, শৰ্মিলা বৰুৱা, ইভা বড়ো দত্ত, চেমিনা বেগম খান, মহিবুল হ’ক, পল্লবিতা বৰা, দময়ন্তী বড়ো, হাচমত আলী আহমেদ, ডা০ নবাব ইউনুছ, মৃদুল চৌধুৰী, ভাৰ্গৱ শৰ্মা, সঞ্জয় অসমীয়া আদিক সম্বৰ্ধনা জনোৱাৰ লগতে চিত্ৰাঙ্কন প্ৰতিয়োগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। অনুষ্ঠানৰ আতঁধৰে সম্পাদক নৱজ্যোতি দাসে। অনুষ্ঠানত সভাপতি মনোজ শইকীয়াই অসমৰ জাতীয় জীৱনত সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কাম কৰি যাবলৈ নতুন প্ৰজন্মক আহ্বান জনায়।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে