আজাদী কা অমৃত মহোৎসবৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে ২৪ জানুৱাৰীত এক বেবিনাৰৰ মাধ্যমত ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ প্রতাপ জ্যোতি সন্দিকৈয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপনৰ গুৰুত্ব সম্পৰ্কে বিস্তৃত আলোচনা কৰি কয় যে কন্যা শিশুৰ প্রতি শ্রদ্ধা প্রথমে ঘৰৰ পৰাই আৰম্ভ কৰা উচিত আৰু এনএছ এছ স্বেচ্ছাসেবকে মানুহৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । উত্তৰ পূব এন এছ এছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰে কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবক সকলক কন্যা শিশুৰ উন্নতি আৰু নিৰাপত্তাৰ বাবে উদ্যোগ লবলৈ আহ্বান জনায় । তেওঁ চৰকাৰী বিভিন্ন আঁচনি , গার্ল চাইল্ড আঁচনিসমূহ এন এছ এছ কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবকসকলে আগুৱাই নিয়াত অৰিহণা যোগাব লাগিব বুলি উল্লেখ কৰে। অতিথি অৰু অংশগ্রহণকাৰীক আদৰণি জনায় বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে । তেওঁ কয় যে : কন্যা শিশুৰ অধিকাৰ ,শিক্ষাৰ গুৰুত্ব, স্বাস্থ্য আৰু লিংগ বৈষম্য আৰু শাৰীৰিক নিৰ্যাতনৰ দৰে সমস্যা সম্পৰ্কে সচেতনতাৰ বাবে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস পালন কৰা হয় । স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ২০ বছৰৰ কম বয়সী ৭৫ জনী কন্যা শিশুক গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ অধীনৰ বিভিন্ন কলেজ এন এছ এছ গোটৰ দ্বাৰা সমাজত অসামান্য অৱদানৰ বাবে স্মাৰক,গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । কলেজৰ অধ্যক্ষ, এনএছএছ প্রোগ্রাম অফিছাৰ আৰুস্বেচ্ছাসেবক সমন্বিতে প্রায় ৩০০ জন অংশগ্রহণকাৰী এই বেবিনাৰত অংশগ্ৰহণ কৰে।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত