ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত নিচামুক্ত ৰঙিয়া শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

0 172

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত “সাধনা” এন জি অ আৰু স্বস্তি হস্পিতাল সহযোগত আজি ৰঙিয়া মহাবিদ্যালয়ত
“নিচামুক্ত ৰঙিয়া” শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ, মহকুমা আৰক্ষী বিষয়া মৃগাংক্ষী ডেকাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এখন নিচামুক্ত সমাজ গঢ়াত অংশীদাৰ হ’বলৈ সদৌটিকে আহ্বান জনায়। আনহাতে বিশিষ্ট অতিথি ৰূপে ৰঙিয়া স্বস্তি হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতা, দন্ত চিকিৎসক খবৰুদ্দিন আহমেদ আৰু ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ব্ৰজেন্দ্ৰ শইকীয়াই অংশগ্ৰহণ কৰে । ভাষণ প্ৰসংগত তেওঁলোকে বিভিন্ন মাদক দ্ৰব্যৰ ভয়াবহতা সম্পৰ্কে বিস্তৃতভাৱে উল্লেখ কৰে। যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ যোগাচাৰ্য জ্যোতিষ কলিতাই আঁত ধৰা কাৰ্যসুচীৰ সামৰণিত ৰঙিয়া মহকুমাৰ সহকাৰী আয়ুক্ত চম্পক ডেকাই অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক ড্ৰাগছ মুক্ত ৰঙিয়া গঢ়াৰ শপত পাঠ কৰায়। সভাৰ প্ৰাক মুহুৰ্তত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নিচাজাতীয় দ্ৰৱ্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন বাটৰ নাট পৰিবেশন কৰে ।

ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.