এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্যপ্ৰাপ্তিৰ হকে সদায় মাত মাতি যাব

0 185

উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ ৰেলৱে হেড কোৱাৰ্টাৰ শাখা গঠন কৰা উপলক্ষে এখন সাধাৰণ সভা ৫ ফেব্ৰুৱাৰীত ৰেলৱেৰ মালিগাঁওস্থিত ৰং ভৱনত অনুষ্ঠিত হৈ যায় । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা এন এফ আই আঁৰৰ সহকাৰী সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ভাষণ প্ৰসংগত ইউনিয়নৰ লক্ষ্য আৰু উদেশ্যৰ ওপৰত আলোকপাত কৰি ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্যপ্ৰাপ্তি , অধিকাৰৰ হকে সদায় মাত মাতি আহিছে আৰু অনাগত দিনটো মাত মাতি যাব বুলি সদৰি কৰে । সভাত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বিজন দেৱৰয় , কাৰ্যকৰী সভাপতি এম এছ দাস , কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস , যুটীয়া সাধাৰণ সম্পাদকদ্বয় দিগন্ত বৰুৱা আৰু ত্ৰিদীপ মজুমদাৰে ভাষণত উপস্থিত সকলোকে ইউনিয়নৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কামত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । আনহাতে সভাত তুষাৰ কান্তি ঘোষক সভাপতি , বিশ্বজিৎ শৰ্মাক সাধাৰণ সম্পাদক আৰু দ্বীপ বৰদলৈক কোষাধ্যক্ষ হিচাপে লৈ ইউনিয়নৰ হেড কোৱাৰ্টাৰ শাখা কমিটিখন গঠন কৰা হয় ।

বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.