গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ এন এছ এছ গোটৰ স্বেচ্ছাসেৱক সকলে বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যাণ সঞ্চালক আৰু এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি আৰু এন এছ এছ কাৰ্যসূচী বিষয়া ড০ ঋতুপৰ্ণ বৰাৰ নেতৃত্বত দৰং জিলাৰ নিজ ৰঙামাটি, চোটোনগাঁও আৰু বৰনগাঁও অঞ্চলত বান সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। প্ৰায় ২৫০ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী চাউল, ডালি , চেনি, নিমখ, সৰিয়হ তেল , চেনিটেৰী পেড, মহ খেদা কয়েল, মম আদি বিতৰণ কৰা হয়, লগতে বান সম্পৰ্কীয় সজাগতা আৰু বান পৰৱৰ্তী সমস্যাৰ মোকাবিলা কেনেকৈ কৰিব এই বিষয়ে সকলোকে অৱগত কৰে। স্বেচ্ছাসেৱকৰ দলটোত প্ৰিয়া দত্ত, মনিষা ডেকা, পিজুষ শৰ্মা, ডলি চৌধুৰী, কিৰণ সৰকাৰ, ৰাজদীপ বৰুৱা, উজ্জ্বল পাল, সুভাংকৰ দে, হীৰক জ্যোতি গগৈ, আদিলুদ্দিন আহমেদ, নম্ৰতা আগমাচাৰ্য, বিজু গায়ন, নিৰঞ্জন বৰা, নিহা বড়ো, সৌৰভ দেউৰী, তুষাৰ ৰঞ্জন বৰা, কৃষ্ণানু শৰ্মাফুকন। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ, ছাত্ৰকল্যাণ সঞ্চালক ডাঃ ৰঞ্জন কুমাৰ কাকতি,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, হোষ্টেল আবাসীসকল, ছাত্ৰসমাজ ,বিষয়া সকলে বান সাহাৰ্য বাবে সহায়ৰ হাত আগবঢ়ায়।
Trending
- নৱম অসম ৰাজ্যিক চলচ্চিত্র বটাঁপ্ৰদান অনুষ্ঠান অনুষ্ঠিত
- বৰমণিপুৰত বিশ্ব অনাঁতাৰ দিৱস উদযাপন-শিল্পী প্ৰতিভা দেৱীক লোকশিল্পী বঁটা-২০২৬ প্ৰদান
- কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচী
- কামৰূপ মহানগৰত চলিত বৰ্ষৰ আশা অভিৱৰ্তন সফলভাৱে সম্পন্ন
- প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু
- Department of Posts (DoP) and National Stock Exchange of India Limited (NSE) Sign MoU to Advance Financial Inclusion through Mutual Fund Distribution
- নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা