গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত ৫ জুনত বিশ্ববিদ্যালয় চৌহদত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডাঃ ৰঞ্জন কুমাৰ কাকতিয়ে ৰঙা চন্দনৰ গছপুলি ৰোপনেৰে এক অভিযান আৰম্ভ কৰি ড০ কাকতিয়ে তেওঁৰ ভাষণত এইবাৰৰ বিষয়বস্তু “কেৱল এখন পৃথিৱী” উল্লেখ কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। পৃথিৱীখনেই একমাত্ৰ গ্ৰহ য’ত আমি বাস কৰো আৰু আমি ইয়াক ৰক্ষা কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। লগতে এন এছ এছৰ কাৰ্য্যসূচী বিষয়া ড০ ঋতুপৰ্ণ বৰা, স্নাতকোত্তৰ ছাত্ৰাসন্থাৰ সভাপতি হেমেন কলিতা, সাধাৰণ সম্পাদক বিকি শৰ্মাই বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্ব আৰু গুৱাহাটী বিশ্ববিদ্যালয় চৌহদক প্লাষ্টিক মুক্ত বিশ্ববিদ্যালয় গঢ়ি তোলাৰ বাবে আহ্বান জনায় । এন এছ এছৰ স্বেচ্ছাসেৱক, গৱেষক ছাত্ৰ, সমূহ হোষ্টেল আবাসী মিলি বিভিন্ন হোষ্টেল চৌহদত প্ৰায় ২০০ জোপা কৃষ্ণচূড়া, চন্দন, বকুল, শেৱালি, নিমৰ পুলি ৰোপণ কৰে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan