গোলাঘাট সমষ্টিৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ

0 162

আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ গোলাঘাট সমষ্টিত উপস্থিত হয় স্থানীয় বিধায়িকা তথা বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ। পুৱাই গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ প্ৰক্ৰিয়াকৰণ উদ্যোগ আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটৰ মাজত ৪০,০০০ টকাৰ অনুমোদন পত্ৰ বিতৰণ কৰে। একেটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত পদপথৰ ব্যৱসায়ীসকলক পৰিচয় পত্ৰ আৰু পৰিচয় বৰ্ড প্ৰদান কৰে। গোলাঘাটৰ পৌৰপতি এই অনুষ্ঠানত উপস্থিত থাকে।

ইফালে গোলাঘাটৰ চান্দমাৰীত নিৰ্মাণ হোৱা টাই সংস্কৃতি বিকাশ আৰু গৱেষণা কেন্দ্ৰ তথা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰে বিত্তমন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি শ্ৰী কৃষ্ণ বৰুৱা আৰু প্ৰতিস্থাপক সম্পাদক শ্ৰী বেদান্ত বিকাশ গোহাঁই।

আজিৰ এই সমষ্টি ভ্ৰমণকালতে মন্ত্ৰীগৰাকীয়ে কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোতে অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা
পূৱ বনগাঁও ৰাজহুৱা বৰ নামঘৰৰ পকী বেৰ আৰু নাবাৰ্ডৰ অর্থসাহাৰ্যৰে নিৰ্মিত কছাৰীহাট বনগাঁওৰ সৌৰ শক্তি চালিত মধ্যম গভীৰ নলীনাদ জলসিঞ্চন আচঁনিখনৰো শুভ উদ্বোধন কৰে।

Leave A Reply

Your email address will not be published.