দিছপুৰত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় বিষয়াৰে বৈঠক

0 220

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষা-উপাধ্যক্ষ আৰু বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ বাবে বিভাগৰ পৰা প্ৰস্তুত হৈ থকা নীতি নিৰ্দেশনা বিষয়ক এখন বৈঠকত অংশ লয় । শেহতীয়াকৈ মন্ত্ৰী হাজৰীকাই গুৱাহাটীস্থিত নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰসমূহ সু-পৰিচালনাৰ বাবে বিভাগীয় কিছুমান নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰি এখন সমিতি গঠন কৰি দিছিল । আজি মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়াসকলৰ পৰা এই নীতি সমূহ প্ৰস্তুতৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়।আনহাতে ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গোলাঘাট, গুৱাহাটী আৰু বৰপেটাত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধীনত সাজু হৈ উঠা চৰকাৰী নিচামুক্তি কেন্দ্ৰ কেইটাৰ বিষয়েও আজিৰ বৈঠকতে মন্ত্ৰী হাজৰীকাই বুজ লয় । উল্লেখ্য যে অহা ২ অক্টোবৰত গুৱাহাটীত সাজু হৈ উঠা এনে এটা নিচামুক্তি কেন্দ্ৰ আৰম্ভ কৰাৰ বিষয়ে প্ৰয়োজনীয় ব্যৱস্থা লবলৈও মন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে । বাকী কেন্দ্ৰসমূহ পৰৱৰ্তী এক মাহৰ ভিতৰত কৰ্যক্ষম কৰি তোলাৰ বাবেও আজিৰ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় । একেটা সময়তে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰত্যক্ষ তত্বাৱধানত আন দুটা নিচামুক্তি কেন্দ্ৰ সাজু কৰি তোলাৰ বিষয়েও আজি আলোচনা কৰা হয় । আলোচনা কালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত গুণগত মানৰ নিচামুক্তি কেন্দ্ৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে । আনহাতে বিভাগীয় ভাৱে প্ৰস্তুত হৈ থকা নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ নীতি নিৰ্দেশনাৰ সমান্তৰাল ভাৱে ব্যক্তিগত নিচামুক্তি কেন্দ্ৰসমূহৰ বৰ্তমানৰ সামগ্ৰিক পৰিৱেশৰ বিষয়েও চকু ৰাখিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । ইয়াৰ লগতে ড্ৰাগচৰ ব্যৱহাৰৰ ভয়াবহ পৰণতিৰ বিষয়ে মানুহৰ মাজত সজাগতা অনাৰ বাবে ব্যৱস্থা লোৱাৰ ওপৰতো তেঁও মত পোষণ কাৰে ।আনহাতে চৰকাৰে বান্ধি দিয়া নিৰ্দ্ধাৰিত তিনি মাহ সময়ৰ ভিতৰত যি সমূহ নিচামুক্তি কেন্দ্ৰই উপযুক্ত কোঠা, খাদ্য আৰু স্বাস্থ্য আদি সু ব্যৱস্থা কৰিব নোৱাৰে সেই কেন্দ্ৰসমূহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত মন্তব্য কৰে।

আজিৰ আলোচনাকালতে মন্ত্ৰী পীযুষ হাজৰীকাই তুলনামূলকভাৱে নতুন বিভাগটোৰ আন্ত:গাঁথনি তথা প্ৰয়োজনীয় কৰ্মচাৰীৰ সংখ্যাৰ বিষয়েও আলোচনা কৰে। এই ক্ষেত্ৰত বিভাগটোক অধিক গতিশীল ৰূপ দিবলৈ প্ৰয়োজন হোৱা আন্ত:গাঁথনিৰ বিষয়ে বিভাগীয় পদক্ষেপ লবলৈ তেঁও বিভাগক নিৰ্দেশনা প্ৰদান কৰে। আজিৰ বৈঠকত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতী, উপাধ্যক্ষ জিতু বৰগোঁহাই, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অতিৰিক্ত সচিব ফজলুল হক চৌধুৰী, সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.