নিৰ্ধাৰিত সময়ৰ ছয়মাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ দুইলেনযুক্ত পলাশবাৰীৰ – চানডুবি সংযোগী পথ-পৰ্যটক, যাতায়তৰ ক্ষেত্ৰখনলৈ নতুন আশাৰ বতৰা কঢ়িয়াব

0 249

ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰথমটো পথ হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পলাশবাৰী – চানডুবি সংযোগী দুইলেনযুক্ত নব নিৰ্মিত পথছোৱাই। উল্লেখযোগ্য যে ৰাজ্যত পথ যোগাযোগ ব্যৱস্থাক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ লোকনির্মাণ বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ “ভাৰতমালা” আঁচনিৰ আৰ্হিত গ্ৰহণ কৰিছিল “অসমমালা” নামৰ এখন অভিলাষী আঁচনি। আঁচনি খনৰ মূল লক্ষ্য আছিল পূৰ্বৰ গুৰুত্বপূৰ্ণ কিন্তু একলেনযুক্ত পথ সমূহক দুই লেনযুক্ত পথলৈ উন্নীতকৰণ কৰি পথ যোগাযোগ ব্যৱস্থা সুচল কৰি তোলা। আনহাতে অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ মিৰ্জাস্থিত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত পলাশবাৰী উপ সংমণ্ডলৰ তদাৰকতাত অসমমালা আঁচনিৰ অধীনত বিগত ২০২১ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপনৰে পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ দাঁতিৰ মথাউৰিৰ পৰা পলাশবাৰী, মিৰ্জা, বৰিহাট, লোহাৰঘাট, বৰদুৱাৰ বাগানহৈ মুদকীলৈ নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছিল প্ৰায় ২৯ কিঃমিঃ দৈৰ্ঘ্যৰ এটা দুই লেনযুক্ত এটা পথ। ১৬৪.৫৫ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে ২৪ মাহ বা দুই বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। এই সন্দৰ্ভত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে জানিবলৈ দিয়ামতে ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে একে মানদণ্ডৰে নিৰ্মাণ কৰি থকা পথছোৱা নিৰ্ধাৰিত লক্ষ্যৰ ছয়মাহ পূৰ্বে প্ৰায় ৯৮ শতাংশৰো অধিক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। বিভাগৰ ফালৰ পৰা ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। বাকী অৱশিষ্ট কামখিনি সৰ্বাধিক এটা সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে দায়িত্ববাহী ঠিকাদাৰে দিনে নিশাই কাম কৰি থকা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ লোকনির্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেউজ সংকেত দিলেই আগন্তুক শাৰদীয় শ্ৰী শ্ৰী দূৰ্গা পূজাৰ আগতেই বা পূজাৰ সময়ত পথছোৱা আনুষ্ঠানিক ভাৱে মুকলি কৰা হব। উল্লেখযোগ্য যে দক্ষিণ কামৰূপ আৰু পশ্চিম গুৱাহাটীৰ যাতায়ত ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰা পলাশবাৰী-চানডুবি পথছোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে দক্ষিণ কামৰূপৰ মিৰ্জা নিবাসী তথা দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰি লোকনির্মাণ বিভাগত এক বিৰল ইতিহাসৰ সৃষ্টি কৰা ঠিকাদাৰ অনিল দাসে। ইতিমধ্যে ঠিকাদাৰ গৰাকীয়ে প্ৰায় ৫০০ জন শ্ৰমিকৰ জৰিয়তে যুদ্ধকালীন তৎপৰতাৰে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিৰ নানান যন্ত্ৰপাতি, মেচিন, বাহন আদিৰে সমগ্ৰ পথছোৱাৰ ঠায়ে ঠায়ে প্ৰাককলন অনুসৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বে যাতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে পলাশবাৰীৰ পৰা মিৰ্জা হৈ চানডুবি সংযোগী পথৰ মুদকীলৈ নিৰ্মাণ কৰি থকা পথছোৱাৰ যিবিলাক স্থানত পদপথ সহিতে পানী পৰিবাহী নলা থাকিব তাত বহল হৈছে ১৫ মিটাৰ। তেনেদৰে নলা – পদপথ নথকা স্থানত বহল হব ১৪ মিটাৰ। পূৰ্বতে মাত্ৰ ৩.৭৫ মিটাৰ বহলৰ একক লেনৰ পকী অংশ সহ মুঠ বহল আছিল মাত্ৰ ৭.৫০ মিটাৰ। বিপৰীতে এতিয়া দুই লেনযুক্ত পথটোৰ বহল হব দুগুণৰো অধিক হব। পথটোত বৰদুৱাৰ চাহ বাগিচাৰ কলঘৰৰ সন্মুখত ৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ কৰা হৈছে। যত তলেৰেও পূৰ্বৰ পথৰেও বাহন চলাচল কৰাৰ ব্যৱস্থা ৰখা হৈছে। সমগ্ৰ পথটোত ৭১ টা সৰু-বৰ পানী পৰিবাহী কালভাৰ্ট থাকিব। অৱশ্যে পথছোৱাৰ মিৰ্জা ৰেল ষ্টেচনৰ সমীপত থকা ৰেলৱে ক্ৰছিংটোত অনাগত দিনত এখন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবেও ব্যৱস্থা ৰখা হৈছে। যত উৰণীয়া সেঁতুসহ পথৰ দৈৰ্ঘ্য হব প্ৰায় ১,৩০০ মিটাৰ বা ১.৩ কিঃমিঃ। আনহাতে কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে জানিবলৈ দিয়া মতে পলাশবাৰী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বিশ্বদেৱ গোস্বামীকে ধৰি কেবাজনো সহকাৰী অভিযন্তা, কনিষ্ঠ অভিযন্তা, শাখা সহায়ক আদিয়ে নিৰ্মাণ কার্যৰ সময়ত নিৰন্তৰ পৰ্যবেক্ষণ কৰি আহিছে। পথচোৱা আনুষ্ঠানিক ভাৱে মুকলি হোৱাৰ পাছত দক্ষিণ কামৰূপৰ লগতে পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তবৰ্তী অঞ্চল সমূহত পথ যাতায়তৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সংযোজন হোৱাটো নিশ্চিত। ইফালে প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত চানডুবিৰ পৰা মাত্ৰ ছয় কিঃমিঃ নিলগৰ মুদকীলৈ পথচোৱা নিৰ্মাণ হৈ উঠিলে চানডুবিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ পৰ্যটনৰ ক্ষেত্ৰখনেও নতুন ৰূপ পোৱাটো নিশ্চিত। আনকি সামান্য নিলগত থকা মেঘালয় সীমান্তকে ধৰি পলাশবাৰীৰ পৰা মুদকীলৈ বৃহত্তৰ অঞ্চলটোৰ অৰ্থাৎ পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ২২ খনৰো অধিক গাঁও প্রত্যক্ষভাবে লাভবান হব। ইফালে মুদকীৰ পৰা চানডুবিৰ পৰ্যটন ক্ষেত্ৰলৈ প্ৰায় ৬ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োফালে শাল, চেগুনকে ধৰি বহু মূল্যবান গছ গছনি থকা বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় সেই অংশখিনীত পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত গছ কাটি, অৰণ্য ধ্বংস কৰি পথ নিৰ্মাণ কৰা নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে। আনহাতে যিখিনী অংশত পথ নিৰ্মাণ কৰি থকা হৈছে তাতো পথ যথেষ্ট বহল কৰিবলগীয়া হোৱা বাবে পথৰ দাঁতিত বহু মূল্যবান গছ-গছনি কাটিব লগীয়া হৈছে। যাৰ বাবে পৰিবেশ সংৰক্ষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়ছোৱাত কৃষ্ণচুড়া, ৰাধাচুড়া, সোণাৰু, এজাৰ, মহানিমকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ আৰু অঞ্চলটোৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপখোৱা কেবা হাজাৰ গছপুলি বিভাগৰ সকলো পৰ্যায়ৰ অভিযন্তা, কৰ্মচাৰী আৰু ঠিকাদাৰ অনিল দাসসহ তেওঁৰ শ্ৰমিক – কৰ্মচাৰীয়ে ৰোপণ কৰিছে । সমান্তৰালভাৱে পথছোৱাৰ নিৰ্মাণৰ সময়ত দুৰ্ঘটনা সহজতে সংঘটিত নহবৰ বাবে ৰোড চেফটি আৰু সঠিক ৰোড ইঞ্জিনিয়াৰিং দিশটোত গুৰুত্ব আৰোপ কৰা হৈছে। আনহাতে যান বাহনৰ চালক সকলে পূৰ্বৰ একক পথৰে গলে মিৰ্জাৰ পৰা মাত্ৰ ৩২ কিঃমিঃ দূৰত্বৰ চানডুবিলৈ যান বাহন লৈ গলে প্ৰায় ডেৰ ঘন্টা সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া পথচোৱা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ফলত সৰ্বাধিক ৪০ মিনিটৰ ভিতৰতে মিৰ্জাৰ পৰা চানডুবিত উপস্থিত হব পৰা গৈছে। আনহাতে পথচোৱাত ৫০ মিটাৰ দূৰত্বৰ মূৰে মূৰে সৌৰশক্তি চালিত স্ট্ৰীট লাইট স্থাপন কৰাৰ লগতে যান বাহন ৰখা স্থান সমূহত যাত্ৰী বা ৰাইজৰ সুবিধাৰ বাবে যাত্ৰী জিৰণি চ’ৰা নিৰ্মাণ কৰা হৈছে। মুঠৰ ওপৰত সকলো ঠিকে থাকে থাকিলে দুৰ্গা পূজাৰ সময়ত অসমবাসীয়ে ‘অসমমালা’ আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হোৱা এটা নতুন পথ দেখিবলৈ পোৱাটো নিশ্চিত।

Leave A Reply

Your email address will not be published.