গ্ৰন্থমেলাত মনোজ্ঞ আলাপ অনুষ্ঠিত

0 290

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি কাননত প্ৰথমবাৰৰ বাবে আয়োজিত শিশু গ্ৰন্থ উৎসৱৰ দ্বিতীয় দিনা অসমীয়া সাহিত্যৰ বিকাশ আৰু বিস্তৃতি সম্পৰ্কে এক অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট লেখক ডক্টৰ বিজয় কৃষ্ঞ দেৱশৰ্মাই ।বিশিষ্ট লেখক ডক্টৰ শান্তনু তামুলীয়ে আলোচনা চক্ৰ উদ্বোধন কৰি কয় যে অসমীয়া সাহিত্যৰ যি ঐতিহ্য পৰম্পৰা আছে, সেই পৰম্পৰাক আমি সযতনে ৰাখিবলৈ চেষ্টা কৰিব লাগে।সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰলৈ পৰিবৰ্তন আহিছে যদিও শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ দিশৰ প্ৰতিও দৃষ্টি দিয়াটো প্ৰয়োজনীয়।অনুষ্ঠানত বিভিন্ন আলোচনীৰ সম্পাদক সকলে আলোচক হিচাপে অংশগ্ৰহণ কৰে।শিশু গ্ৰন্থমেলাৰ দুপৰীয়া আকস্মিক বাক প্ৰতিযোগিতা অনুষ্ঠিত হয়।সন্ধিয়াভাগত মুকুতাৰ ৰং বিৰং শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।বিশিষ্ট সংগীত শিল্পী জিতুল সোণোৱালে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে।অনুষ্ঠানত আধুনিক গীত, নৃত্য, সমবেত সংগীত পৰিবেশন কৰে।

Leave A Reply

Your email address will not be published.