অসম মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত বিলখনৰ চিৰ সেউজীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া আগন্তুক নৱবৰ্ষৰ ২০২২ বৰ্ষৰ দ্বাদশ বাৰ্ষিক চানডুবি উৎসৱৰ ২৬ নৱেম্বৰত লাইখুঁটা স্থাপন কৰা হয় ৷ চানডুবি উৎসৱ উদযাপন সমিতিয়ে অঞ্চলবাসী ৰাইজৰ সহযোগত ২০২২ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া উৎসৱৰ লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ৰশ্মি ৰাভাই ৷ ইফালে লাইখুঁটা স্থাপন কৰি পৰিষদীয় নেত্ৰী ৰাভাই উক্ত উৎসৱৰ আৰম্ভণিৰ পৰাই নিজে জড়িত হৈ থকাৰ অভিজ্ঞতা ৰোমন্থন কৰি অনেক ঘাত – প্ৰতিঘাতৰ মাজেৰে ব্যতিক্ৰমী উৎসৱটিৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ অনন্য প্ৰয়াসক প্ৰশংসা কৰে ৷ আনকি উক্ত উৎসৱৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ জন সচেতনতা বৃদ্ধিৰ উপৰি ইয়াৰ নৃগোষ্ঠীয় পৰম্পৰা আৰু কলাকৃষ্টিয়ে বিশ্ব দৰবাৰত স্থান পাব বুলিও আশা প্ৰকাশ কৰে তেওঁ ৷ পৰম্পৰাগত ৰীতিনীতিৰ মাজেৰে আয়োজন কৰা লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানটি উদযাপন সমিতিৰ সম্পাদক প্ৰকাশ ৰাভাই আঁতধৰে ৷ আনহাতে, উক্ত অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ সদস্যা তনুজা ৰাভা, উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাকে ধৰি পূৰ্ণকান্ত ৰাভা, ধনঞ্জয় ৰাভা, সুভাষ চিনাল, মাটিৰাম ৰাভা, মল্লিকা ৰাভা আৰু সিদ্ধেশ্বৰ ৰাভাকে ধৰি উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত আছিল ৷
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ