অসম মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত বিলখনৰ চিৰ সেউজীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া আগন্তুক নৱবৰ্ষৰ ২০২২ বৰ্ষৰ দ্বাদশ বাৰ্ষিক চানডুবি উৎসৱৰ ২৬ নৱেম্বৰত লাইখুঁটা স্থাপন কৰা হয় ৷ চানডুবি উৎসৱ উদযাপন সমিতিয়ে অঞ্চলবাসী ৰাইজৰ সহযোগত ২০২২ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া উৎসৱৰ লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ৰশ্মি ৰাভাই ৷ ইফালে লাইখুঁটা স্থাপন কৰি পৰিষদীয় নেত্ৰী ৰাভাই উক্ত উৎসৱৰ আৰম্ভণিৰ পৰাই নিজে জড়িত হৈ থকাৰ অভিজ্ঞতা ৰোমন্থন কৰি অনেক ঘাত – প্ৰতিঘাতৰ মাজেৰে ব্যতিক্ৰমী উৎসৱটিৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ অনন্য প্ৰয়াসক প্ৰশংসা কৰে ৷ আনকি উক্ত উৎসৱৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ জন সচেতনতা বৃদ্ধিৰ উপৰি ইয়াৰ নৃগোষ্ঠীয় পৰম্পৰা আৰু কলাকৃষ্টিয়ে বিশ্ব দৰবাৰত স্থান পাব বুলিও আশা প্ৰকাশ কৰে তেওঁ ৷ পৰম্পৰাগত ৰীতিনীতিৰ মাজেৰে আয়োজন কৰা লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানটি উদযাপন সমিতিৰ সম্পাদক প্ৰকাশ ৰাভাই আঁতধৰে ৷ আনহাতে, উক্ত অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ সদস্যা তনুজা ৰাভা, উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাকে ধৰি পূৰ্ণকান্ত ৰাভা, ধনঞ্জয় ৰাভা, সুভাষ চিনাল, মাটিৰাম ৰাভা, মল্লিকা ৰাভা আৰু সিদ্ধেশ্বৰ ৰাভাকে ধৰি উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত আছিল ৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram