চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অন্ধবিশ্বাস মুৰ্দাবাদ শীৰ্ষক গ্ৰন্থ উন্মোচন

0 230

শোণিতপুৰৰ চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ( পূৰ্বৰ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ) আজি বিশিষ্ট চিকিৎসক, যুক্তিবাদী লেখক তথা উক্ত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ডাঃ ৰাজেন ৰয়ৰ শিশু উপযোগী অন্ধবিশ্বাস মুৰ্দাবাদ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনন্ত শৰ্মাৰ সভাপতিত্বত তথা নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দত্তই আঁত ধৰা সভাখনত উপস্থিত লেখক ডাঃ ৰাজেন ৰয়কে আদি কৰি বিশিষ্ট ব্যক্তিসকলে বৰ্তমান সময়ত সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি দূৰ কৰাৰ বাবে সকলোকে সজাগ হৈ মাৰ বান্ধি থিয় দিবলৈ ভাষণ প্ৰসংগত আহ্বান জনায় । অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক ভূৱন গোস্বামী, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষয়িত্ৰী কুমকুম সিনহা, প্ৰমোদ ভৰালী, প্ৰণৱ তালুকদাৰ, বংকিম বৰুৱাৰ লগতে ভালেমান আমন্ত্ৰিত অতিথি, শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
বাতৰি যুগুতালে প্ৰাঞ্জলে

Leave A Reply

Your email address will not be published.