চৈয়দ আব্দুল মালিকৰ গ্ৰন্থ সুৰুযমুখী স্বপ্ন প্ৰকাশ হ`ল দুই বিদেশী ভাষাত

0 314

বৰেণ্য লেখক চৈয়দ আব্দুল মালিকৰ কালজয়ী উপন্যাস সুৰুযমুখীৰ স্বপ্ন এইবাৰ প্ৰকাশ পাইছে চীন দেশৰ সৰ্বাধিক প্ৰচলিত মাণ্ডাৰীণ আৰু ৰাছিয়ান ভাষাত । এই সন্দৰ্ভত xukhdukh.comত প্রকাশিত এক লিখনি অনুসৰি নিৰ্বাচিত বহু অসমীয়া গ্ৰন্থ বহু বিদেশী ভাষাত প্ৰকাশ পোৱাত অসমীয়া সাহিত্যই বিশ্বৰ বিভিন্ন সাহিত্য অনুৰাগীৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু মালিকৰ কালজয়ী গ্ৰন্থখনৰ বিশ্বৰ দুটি বহুল প্ৰচাৰিত ভাষাত অনুবাদ এই ধাৰাত শেহতীয়া সংযোজন।উল্লেখযোগ্য যে, সাহিত্য একাডেমীৰে উদ্যোগত মালিকৰ এইখন কালজয়ী উপন্যাস মাণ্ডাৰীণ আৰু ৰাছিয়ান ভাষালৈ ৰূপান্তৰ হৈছে ।
চৈয়দ আব্দুল মালিক পদ্ম ভূষণ সন্মানৰে বিভূষিত । ১৯৭২চনত তেওঁ ‘অঘৰী আত্মাৰ কাহিনী’ গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী লাভ কৰিছিল । তেওঁৰ ৰচিত আন কেইখনমান গ্রন্থ হৈছে – ধন্য নৰ তনু ভাল, ৰূপতীর্থৰ যাত্রী, মৰহা ফুল, স্বাক্ষৰ আদি । তেওঁ ১৯৭৭চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশৰ সভাপতি আছিল । মালিক ১৯৭৬চনৰ পৰা ১৯৮২চনলৈ ৰাজ্যসভাৰ সদস্যও হৈ আছিল।

Leave A Reply

Your email address will not be published.