ৰঙিয়াৰ হৰদত্ত – বীৰদত্ত ভৱনত আজি কামৰূপ আৰক্ষীয়ে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। ছাইবাৰ অপৰাধৰ পৰা অসমক কেনেকৈ মুক্ত কৰিব পাৰি তাক লৈ বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাখনত অসম চিআইডি ব্ৰাঞ্চৰ আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি গোস্বামী আৰু আই আই টি গুৱাহাটিৰ অধ্যাপক সুকুমাৰ নন্দীযে ছাইবাৰ অপৰাধ আৰু ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। উক্ত কাৰ্যসূচীৰ পিছতে নেচনেল স্কুল অফ ড্ৰামাৰ শিল্পী সকলে ছাইবাৰ অপৰাধৰ সম্পৰ্কে বিশেষ সজাগতামূলক নাট প্ৰদৰ্শন কৰে। ইয়াৰ প্ৰাক মুহূৰ্তত ছাইবাৰ অপৰাধ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ আদৰণি ভাষণৰে আৰম্ভ কৰাৰ লগতে কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক অশিফ আহমেদে শলাগৰ শৰাই কাৰ্যসূচীৰে সামৰণি ঘটে। কাৰ্যসূচীত ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকে ধৰি বহুকেইজন গণ্যমান্য লোক সকল উপস্থিত থাকে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।