আজি গুৱাহাটীৰ হোটেল গেটৱেত অসম চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ স্থানীয় ব্যৱসায়িক সংগঠনৰ বিষয়ববীয়া সকলক একত্ৰিত কৰি এখন উচ্চ স্তৰৰ ব্যৱসায়িক সভা অনুষ্ঠিত হয়।আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক ব্যৱসায়িক দিশটোৰ ওপৰত আলোচনা কৰা হয় । অসম চেম্বাৰ অফ কমাৰ্চৰ বেনাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী , কাৰ্যকৰী সভাপতি শিশিৰ দেৱ কলিতা, জয়ন্ত শৰ্মা লগতে গুৱাহাটী জিলা কমিটিৰ বিষয়ববীয়াসকল ,অৰুণাচল প্ৰদেশৰ তাতু তাকুং ,তুকি পেখ’, নাগালেণ্ডৰ ড° খেকুঘা মুকু, ড° চেভিলি ম’ৰ , ত্ৰিপুৰাৰ ৰজত পল,ৰাজেশ পল, মেঘালয়ৰ আনিশ মেচাংগা, দয়ানন্দ কুমাৰ সিং, মণিপুৰৰ হৰকউতন অনিল , বাসুদেৱ সিংঘা উপস্থিত থাকে।আজিৰ এই অনুষ্ঠানটোত উত্তৰ পূৱৰ ব্যৱসায়ী সকলক একত্ৰিত কৰাৰ উদ্দেশ্যে অসমৰ ৰূপম গোস্বামীক সংযোজক হিচাপে লৈ আৰু সহ-সংযোজক হিচাপে ক্ৰমে অৰুণাচল প্ৰদেশৰ ত’ক তাতুং, নাগালেণ্ডৰ ড° খেকুঘা মুকু ,ত্ৰিপুৰাৰ ৰাজেশ প’ল, মণিপুৰৰ হৰকচান অনিল আৰু মেঘালয়ৰ আনিশ মেচেংগাক লৈ Confederation of North East states Chamber of Commerce & Industry নামেৰে এটি ব্যৱসায়ীক সংগঠন জন্ম দিয়া হয় আৰু অনাগত সময়ত সমগ্ৰ উত্তৰ পূৱক একত্ৰিত কৰি একেলগে সকলো স্তৰৰ ব্যৱসায়ীক লগত লৈ কাম কৰি যোৱাৰ সিদ্ধান্ত লোৱা হয়।
Trending
- মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি -নামঘৰৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
- বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা