আজি গুৱাহাটীৰ হোটেল গেটৱেত অসম চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ স্থানীয় ব্যৱসায়িক সংগঠনৰ বিষয়ববীয়া সকলক একত্ৰিত কৰি এখন উচ্চ স্তৰৰ ব্যৱসায়িক সভা অনুষ্ঠিত হয়।আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক ব্যৱসায়িক দিশটোৰ ওপৰত আলোচনা কৰা হয় । অসম চেম্বাৰ অফ কমাৰ্চৰ বেনাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী , কাৰ্যকৰী সভাপতি শিশিৰ দেৱ কলিতা, জয়ন্ত শৰ্মা লগতে গুৱাহাটী জিলা কমিটিৰ বিষয়ববীয়াসকল ,অৰুণাচল প্ৰদেশৰ তাতু তাকুং ,তুকি পেখ’, নাগালেণ্ডৰ ড° খেকুঘা মুকু, ড° চেভিলি ম’ৰ , ত্ৰিপুৰাৰ ৰজত পল,ৰাজেশ পল, মেঘালয়ৰ আনিশ মেচাংগা, দয়ানন্দ কুমাৰ সিং, মণিপুৰৰ হৰকউতন অনিল , বাসুদেৱ সিংঘা উপস্থিত থাকে।আজিৰ এই অনুষ্ঠানটোত উত্তৰ পূৱৰ ব্যৱসায়ী সকলক একত্ৰিত কৰাৰ উদ্দেশ্যে অসমৰ ৰূপম গোস্বামীক সংযোজক হিচাপে লৈ আৰু সহ-সংযোজক হিচাপে ক্ৰমে অৰুণাচল প্ৰদেশৰ ত’ক তাতুং, নাগালেণ্ডৰ ড° খেকুঘা মুকু ,ত্ৰিপুৰাৰ ৰাজেশ প’ল, মণিপুৰৰ হৰকচান অনিল আৰু মেঘালয়ৰ আনিশ মেচেংগাক লৈ Confederation of North East states Chamber of Commerce & Industry নামেৰে এটি ব্যৱসায়ীক সংগঠন জন্ম দিয়া হয় আৰু অনাগত সময়ত সমগ্ৰ উত্তৰ পূৱক একত্ৰিত কৰি একেলগে সকলো স্তৰৰ ব্যৱসায়ীক লগত লৈ কাম কৰি যোৱাৰ সিদ্ধান্ত লোৱা হয়।
Trending
- Minister Krishnendu Paul Chairs Review Meeting to Assess Progress of Government Schemes in Darrang
- অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক সম্পন্ন – বন্তি শইকীয়াৰ গ্ৰন্থ “কণমইনাৰ সাধু” উন্মোচন
- টপচেম চিমেণ্টৰ পঞ্চম বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী সফলভাৱে সম্পন্ন- ৬০০ৰো অধিক শিশুলৈ সহায়ৰ হাত
- 16-Day Campaign Against Gender-Based Violence Concludes with Awareness Rally in Darrang
- আহি আছে হাড় কপোৱা জাৰ, উজনি অসমৰ বেছিভাগ ঠাইতে সৰ্বনিম্ন তাপমাত্ৰা নামিল ৮ ডিগ্ৰী চেলচিয়াছলৈ – গুৱাহাটীত নামিল ১২ ডিগ্ৰী চেলচিয়াছলৈ
- এইচ ডি এফ চি বেংক গ্ৰুপৰ এইচ ডি এফ চি টেক ইনোভেটৰছ-২০২৫ৰ সফল সামৰণি
- ১০-১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব