জামুগুৰিহাটৰ টুপীয়াত গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত

0 179

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াত আজি লেখক সাহিত্যিক মহিধৰ বৰাৰ এখন গ্ৰন্থ তথা উপন্যাস উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোছৰাফ নাছেৰৰ সভাপতিত্বত লেখক গৰাকীৰ বসভৱনত আয়োজিত আনুষ্ঠানভাগ আঁত ধৰে গুনেশ্বৰ শইকীয়াই ৷ “চিনাকী নদী অচিনাকী ঘাট” নামৰ উপন্যাস খনি উন্মোচন কৰে পাচিঘাট মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাই ৷ নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নিতুমনি বৰা আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন গ্ৰন্থাগাৰিক সুৰেন কলিতাই ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.