জামুগুৰিহাটৰ পাঁচমূখত উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন মহোৎসৱৰ ব্যাপক আয়োজন

0 149

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰিস্থিত পাঁচমূখ শিৱ মন্দিৰ প্ৰাঙ্গনত বিশ্ব শান্তিৰ হকে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ সৌজ্যনত ৬৪ সংখ্যক বাৰ্ষিক অখণ্ড হৰি কীৰ্তন মহোৎসৱৰ ব্যাপকভাৱে আয়োজন হৈছে ৷ সেই উদ্দেশ্যৰে মঙলবাৰে হৰি কীৰ্তন স্থলীত তৈলেক্যশ্বৰ মহাদেব মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ৷ অহা ৩ নবেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, বৰচলাৰ বিধায়ক গনেশ লিম্বু, অৰুণাচল প্ৰদেশৰ চিজুচাৰ বিধায়ক বিউৰাম ওৱাগে, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুক্ষে অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ এই অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱ উত্তৰ জামুগুৰি হৰি কীৰ্তন সমাৰোহৰ সৌজন্যত পশুপতি কীৰ্তন সংঘ, পূৰ্ণিমা মহিলা কীৰ্তন সংঘ, গনেশ কীৰ্ত্তন সংঘ আৰু গায়েত্ৰী মহিলা কীৰ্তন সংঘৰ সহযোগত অনুষ্ঠিত হোৱাৰ লগতে বৃহৎ হৰি কীৰ্তন মহোৎসৱত পুৰুষ মহিলাৰ প্ৰায় ১২০ টা কীৰ্তন দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি দেৱ নায়ক অধিকাৰী আৰু সম্পাদক দোৰ্ণ শৰ্মাই৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.