বলিউডৰ কুইন কংগনা ৰানাৱট চান্দডুবিত

0 149

চানডুবিৰ পাৰত বলিউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱট।অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া এখন ছবিৰ দৃশ্যগ্ৰহণৰ বাবে লোকেশ্যন বিচাৰি চানডুবিত উপস্থিত হয় কংগনা ৰানাৱট।জানিব পৰা মতে মঙলবাৰে নিশাটো কাজিৰঙাত পাৰ কৰিব অভিনেত্ৰীগৰাকীয়।উল্লেখ্য যে বলিউডৰ কুইন খ্যাত অভিনেত্ৰী কংগনা ৰানাৱটে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিবলগীয়া ছবি ইমাৰ্জেন্সিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব।এই ছবিখনৰে দৃশ্যগ্ৰহণৰ প্ৰাক ক্ষণত অসমত উপস্থিত হৈ চানডুবি পৰিদৰ্শন কৰে কংগনাই।কংগনাৰ উপৰিও ছবিখনত অভিনয় কৰিব অনুপম খেৰ, মহিমা চৌধুৰী, বিশক নাইৰ, আৰু শ্ৰেয়াছ তালপডেয়ে।

Leave A Reply

Your email address will not be published.