উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা

0 206

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক কোষেশ্বৰ বৰুৱাৰ সোঁৱৰণীত আৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৌজন্যত সোনালী জয়ন্তী বৰ্ষজোৰাৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ প্ৰতিযোগিতাৰ উদ্বোধনী ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষা ড° জাহ্নৱী লহকৰ বৰুৱাই৷ ভাষণ প্ৰসংগত ড° বৰুৱাই উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়খনি প্ৰতিষ্ঠা কৰি অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন কৰে৷ প্ৰতিযোগিতাৰ আৰম্ভণিৰ প্ৰাকক্ষণত মহাবিদ্যালয়ৰ অধ্যাপিকা বিউটি গগৈয়ে
প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱাৰ সহধৰ্ম্মিণী দীপা বৰুৱাক এখনি ফুলাম গামোচাৰে মঞ্চত সম্বৰ্দ্ধনা জনাই প্ৰয়াত বৰুৱাৰ প্ৰতিছবিত তেখেতৰ স্মৃতিত এগছি বন্ত প্ৰজ্বলনৰ আহ্বান মৰ্মে দীপা বৰুৱাই এগছি বন্তি প্ৰজ্বলন কৰে৷ ধ্ৰুৱজ্যোতি ওজাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতাৰ অন্তত প্ৰতিযোগীসকলৰ ফলাফল অনুসৰি ক্ৰমে প্ৰথম পুৰস্কাৰ লাভ কৰা দলটো হ’ল “পাৰিজাত দল” মৰাণ মহাবিদ্যালয়ৰ ৰিয়নজিৎ পেগু আৰু দীননাথ কুৰ্মী৷ দ্বিতীয় স্থান লাভ কৰে “ৰজনীগন্ধা” দলৰ হৈ ঢকুৱাখনা মহাবিদ্যালয়ৰ ভাস্কৰ ভূঞা আৰু কৌশিক দত্ত আৰু তৃতীয় স্থান লাভ কৰে খৰিকাজাঁই দলটো, চিমেন চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ধৃষ্ণিময় তামুলী আৰু দেবাংগনা প্ৰিয়ম তামুলী গগৈ৷ উক্ত অনুষ্ঠানত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী, আৰু অধ্যাপক-অধ্যাপিকা ক্ৰমে ড° উপেন বৰা, জয়ন্ত বৈৰাগী, প্ৰিয়াম্বী, মিতালী, দূূূূৰ্লভ বৰা, দিব্যজ্যোতি আৰু ৰিতুমণি আদি উপস্থিত থাকে৷

বাতৰি যুগুতালে মাজুলীৰ প্ৰাঞ্জল প্ৰণয়ে।

Leave A Reply

Your email address will not be published.