শেহতীয়া উপগ্ৰহীয় প্ৰযুক্তিৰ ব্যৱহাৰেৰে ৰাজ্যৰ ১০২ খন চহৰৰ বিজ্ঞানসন্মত মাষ্টাৰপ্লেন প্ৰস্তুতিৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বৃহৎ পদক্ষেপ

0 138

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ মাষ্টাৰপ্লেন প্ৰকল্পৰ পযাৰ্লোচনা কৰাৰ লগতে গুৱাহাটী পৌৰ নিগম আৰু জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বিভাগকেইটাৰ বিভিন্ন কাম-কাজৰ খতিয়ান লয়৷

নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী সিংহলে ৰাজ্যৰ পৌৰ নিগম এলেকাসমূহৰ বাবে বিভাগটোৱে প্ৰস্তুত কৰা মাষ্টাৰপ্লেনৰ কাম-কাজৰ বিশদভাৱে পৰ্যালোচনা কৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷ চহৰসমূহৰ মাষ্টাৰপ্লেন প্ৰস্তুতিৰ দিশত বিভাগটোৱে প্ৰদৰ্শন কৰা তৎপৰতাৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকলৰ শলাগ লৈ এতিয়াও খচৰাৰ পৰ্যায়ত থকা মাষ্টাৰপ্লেনসমূহ চূড়ান্ত কৰাৰ পূৰ্বে স্থানীয় পৰ্যায়ত অধিক আলাপ-আলোচনাৰ জৰিয়তে লাভ কৰা গুৰুত্বপূৰ্ণ মতামতসমূহকো বিবেচনালৈ আনিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়৷

উল্লেখযোগ্য যে মন্ত্ৰী অশোক সিংহলৰ বিশেষ তৎপৰতাত ৰাজ্যৰ ১০২ খন চহৰৰ পৰিকল্পিত আৰু বিজ্ঞানসন্মত বিকাশৰ বাবে এক দীৰ্ঘম্যাদী ভৱিষ্যদৰ্শন হাতত লৈ এই চহৰসমূহৰ পূৰ্ণাংগ মাষ্টাৰপ্লেন প্ৰস্তুত কৰাৰ বাবে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগে এক বৃহৎ অভিযান হাতত লৈছে৷ ইয়াৰ অংশ হিচাপে ইতিমধ্যেই ৰাজ্যৰ ২৯ খন পৌৰ নিকায়ৰ মাষ্টাৰপ্লেনত উপদেষ্টা পৰিষদে অনুমোদন জনাইছে৷ এই চহৰকেইখন হৈছে শিৱসাগৰ, তেজপুৰ, বৰপেটা, নাজিৰা, শিমলুগুৰি, দেৰগাঁও, নাহৰকটীয়া, নামৰূপ, ৰঙিয়া, পলাশবাৰী-মিৰ্জা-বিজয়নগৰ, গোলাঘাট, মঙলদৈ, ধেমাজি, ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, বিশ্বনাথ চাৰিআলি, উত্তৰ লখিমপুৰ, জাগীৰোড, নগাঁও, সোণাৰি, কোকৰাঝাৰ, কৰিমগঞ্জ, নলবাৰী, শিলচৰ, তিনিচুকীয়া, যোৰহাট আৰু ডিফু৷ আনহাতে যোৱা ছয় মাহৰ ভিতৰতে বিভাগটোৱে অভিলেখসংখ্যক ৫৯ খন চহৰৰ মাষ্টাৰপ্লেন প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিছে৷ অন্যান্য ১৪ খন চহৰৰ মাষ্টাৰপ্লেন প্ৰস্তুতিৰ কাম বৰ্তমানেও চলি আছে বুলি বিষয়াসকলে আজি মন্ত্ৰীগৰাকীক অৱগত কৰে৷ প্ৰণিধানযোগ্য যে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বিভাগে প্ৰস্তুত কৰা এই সমগ্ৰ মাষ্টাৰপ্লেনসমূহ ভৌগোলিক তথ্য পদ্ধতি [জি আই এছ] দৰে শেহতীয়া উপগ্ৰহীয় প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷

গুৱাহাটী পৌৰ নিগমৰ সৈতে হোৱা আন এক বৈঠকত মন্ত্ৰী সিংহলে আজি ছুপাৰ ছাকাৰ মেচিনৰ প্ৰয়োগ আৰু তদাৰকী, মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি, মাছৰ বজাৰ স্থাপন, আৱৰ্জনা পৰিশোধন কেন্দ্ৰ স্থাপন, অনলাইন সম্পত্তি কৰ পৰিশোধ, অৰ্ধনিৰ্মিত বজাৰগৃহসমূহৰ সম্পূৰ্ণকৰণ আদি বিভিন্ন দিশ পৰ্যালোচনা কৰে৷ বৈঠকত মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে৷

আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন পৌৰ এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনা [চহৰাঞ্চল]ৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ আঁচনিৰ কাম-কাজৰ তদাৰকীৰ বাবে পৌৰ নিকায়সমূহৰ কাৰ্যবাহী বিষয়াসকলৰ সৈতে নিয়মীয়াকৈ ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হ’বলৈ তেওঁ পি এম এ ৱাই [ইউ]ৰ সঞ্চালকক নিৰ্দেশ দিয়ে৷

আনহাতে, জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছী, সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকত মন্ত্ৰী সিংহলে আজি বিভাগটোৰ কেতবোৰ কাম-কাজৰ বুজ লয়৷ অহা মাৰ্চৰ পূৰ্বে আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে নিৰ্দিষ্ট সময়সীমা নিৰূপণ কৰা, বৃহৎ প্ৰকল্পসমূহৰ বাবে পৰ্যাপ্তসংখ্যক অভিযন্তা-কৰ্মচাৰী নিয়োগ কৰা, হিতাধিকাৰীৰ অভিযোগসমূহৰ তৎকালে নিষ্পত্তি কৰা আদি বিষয়ত তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলকো হিতাধিকাৰী হিচাপে চিহ্নিত কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সৈতে প্ৰয়োজনীয় যোগাযোগ ৰাখিবলৈ তেওঁ অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিয়ে৷

Leave A Reply

Your email address will not be published.