জীৱন চিলা উৎসৱ

0 362

WhatsApp Image 2018-01-08 at 5.08.55 PM

ব্ৰহ্মপুত্ৰৰ স্বচ্ছতা আৰু সৃজনীশীলতা প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’ল জীৱন চিলা উৎসৱ। মহানগৰী ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হোৱা উৎসৱটিত বিভিন্ন ধৰণৰ দু:সাহসিক ক্ৰীড়া নৌকাবিহাৰ পুতলা নাচ প্ৰদৰ্শিত হয়। ইয়াৰ সমান্তৰালকে চিত্ৰাংকন প্ৰতিযোগিতা ফটোগ্ৰাফী প্ৰতিযোগিতা, ব্ৰহ্মপুত্ৰক লৈ ৰচিত গানৰ প্ৰতিযোগিতা, লোকসংগীত প্ৰতিযোগিতাকে আদি কৰি বহুকেইটা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

WhatsApp Image 2018-01-08 at 5.09.39 PM

উল্লেখযোগ্য যে জীৱন চিলা উৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। ৪ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা উৎসৱটোত ব্ৰহ্মপুত্ৰৰ সম্পৰ্কে বিভিন্ন বিশেষজ্ঞৰ উপস্থিতিত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

WhatsApp Image 2018-01-08 at 5.09.40 PM

জানিব পৰা মতে বহুকেইটা ইতিবাচক দিশৰ সম্পৰ্কে আলোচনাচক্ৰত বিভিন্নজনে মন্তব্য ৰাখে। আৰু সেইবোৰ বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে অৱগত কৰা হ’ব বুলি আয়োজক সুৰেশ ৰঞ্জন গুদুকাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.