দুটা ভাল খবৰ

0 289

WhatsApp Image 2018-01-09 at 4.52.54 PM

উত্তৰ পূবত শিক্ষা ক্ষেত্ৰখনক আগুৱাই লৈ যোৱা অনুষ্ঠানবোৰৰ ভিতৰত কনচেপ্ট এডুকেশ্বন অন্যতম। সম্পূৰ্ণ ১১ বছৰে কনেচেপ্ট এডুকেশ্বনে মেডিকেল আৰু ইঞ্জিনীয়াৰিং পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পৰীক্ষাৰ্থীক সেৱা প্ৰদান কৰি আহিছে । শেহতীয়াকৈ কনচেপ্ট এডুকেশ্বনে বেলতলা, ডিব্ৰুগড় আৰু বঙাইগাৱত নতুন কেন্দ্ৰ স্থাপন কৰিছে। এই কথা ঘোষণা কৰে কনচেপ্ট এডুকেশ্বনৰ গৌতম সাহাই। উল্লেখযোগ্য যে কনচেপ্ট এডুকেশ্বনৰ অসমত ১০ টা কেন্দ্ৰ আছে। গুণগত মানদণ্ড পৰীক্ষাৰ বাবে সেৱা আগবঢ়োৱা কনচেপ্ট এডুকেশ্বনে দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক জলপানী দিয়ে। ইয়াৰ উপৰিও দুৰ্গত অঞ্চলৰ শিশুসকলৰ বাবে আনুষ্ঠানিক শিক্ষা কনচেপ্ট এডুকেশ্বনে প্ৰদান কৰে।

WhatsApp Image 2018-01-09 at 4.53.25 PM
গুৱাহাটীৰ অগ্ৰণীয় মহিলা সংগঠন চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা ১৩ জানুৱাৰীলৈ লক্ষ্যধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হৈছে “ভোগালীৰ আয়োজন” শীৰ্ষক এখন মেলা। আজি ভোগালীৰ আয়োজন নামৰ মেলাখন উদ্বোধন কৰি পশুধন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়া কয় যে, এনেধৰণৰ মেলাই গ্ৰাম্য অৰ্থনীতি সবল হোৱা চানেকি প্ৰতিফলিত কৰে। কেৱল ব্যৱসায়িক দৃষ্টি ভংগীৰে নহয় নিজৰ কলা কৃষ্টি জীয়াই ৰখাটোহে অন্যতম প্ৰসংগ। এই অনুষ্ঠানতে সাংবাদিক অদীপ কুমাৰ ফুকনে কয়–অসম মহিলা সকল সকলো ক্ষেত্ৰতে আগবঢ়া। বিশেষকৈ আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তেতিয়াৰ দিনতে বিট্ৰিছ সম্ৰাজ্যবাদৰ অত্যাচাৰত নগাওৰ ৰেৱতী আইদেউৱে স্বদেশ এৰিব লগা হৈছিল। শংকৰদেৱৰ নাতি বোৱাৰী কনকলতা আইদেউৱে সত্ৰ পৰিচালনা কৰিছিল। অসমৰ জহা চাউল, আদা, জালুক পৃথিৱীতে বিৰল। আমাৰ প্ৰতিটো বিহুৱে অসমবাসীৰ অহমিকাক প্ৰতিনিধিত্ব কৰে। কাতিক কঙালী বুলি নকৈ শস্যৰ লগত সম্পৰ্কিত এক উৎসৱ হিচাপে লৈ আৰু মাঘক ভোগালীৰ খাদ্যৰ উৎসৱ হিচাপে ল’ব পাৰো। উল্লেখযোগ্য যে- অসমৰ বিভিন্ন ঠাইৰ আত্মসহায়ক গোট সমূহে এই মেলাখনত অংশ গ্ৰহণ কৰিছে। অনুষ্ঠানত অভিনেত্ৰী নিকুমণি বৰুৱা ও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.