অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ

0 33

অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনস্থিত প্ৰেক্ষাগৃহত বিধানসভাৰ সদস্য সকলৰ বাবে বিশেষকৈ নৱ নিৰ্বাচিত বিধায়কসকলৰ উদ্দেশ্যে আয়োজিত দুদিনীয়া অভিমুখীকৰণ কাৰ্যসূচীৰ আজিৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে বিধায়কসকলক অধ্যয়নপুষ্ট হৈ একো-একোগৰাকী আইন প্ৰণেতা হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ বাবে আহ্বান জনায় ।এই সম্পৰ্কত তেওঁ কয় যে বিধানসভা হ’ল আইন প্ৰণয়ন কৰা এক গুৰুত্বপূৰ্ণ স্তম্ভ। গণতন্ত্ৰৰ এই গুৰুত্বপূৰ্ণ স্তম্ভৰ আইন প্ৰণয়ন, সংশোধন তথা আইন বাতিলৰ কৰ্তৃত্ব থাকে। সেয়েহে প্ৰতিগৰাকী বিধায়কে অধ্যয়নপুষ্ট হৈ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ দৃঢ়ভাৱে আশা প্ৰকাশ কৰে।
উল্লেখ্য যে দ্বিতীয় দিনৰ কাৰ্যসূচীত আজি ৪ গৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়ক সকলৰ সন্মুখত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে । প্ৰবীণ পৰিৱেশবিদ ঋতুৰাজ ফুকনে পৰিবেশ আৰু প্ৰাকৃতিক দুৰ্যোগ—যেনে বানপানী, জলবায়ু পৰিৱৰ্তন, বন পুনৰুদ্ধাৰ আদি বিষয়ত আলোকপাত কৰে । অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব দিলীপ বৰাই ৰাজ্যৰ বাজেট, বাজেট প্ৰস্তুতিকৰণৰ মৌলিক প্ৰক্ৰিয়া আৰু বিধানসভাৰ নিয়ন্ত্ৰণ আৰু ডিজিটেল বাজেট ব্যৱস্থা,অসমৰ সমষ্টিৰ অৰ্থনৈতিক গতিৰ বিশ্লেষণ,মুখ্য কল্যাণমূলক আঁচনি আৰু আঞ্চলিক বাজেট আবণ্টনৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ অধ্যাপক আৰু সঞ্চালক ড: জয়দ্বীপ বৰুৱাই অৰ্থনীতিৰ মৌলিক ধাৰণা, মুঠ ঘৰুৱা উৎপাদন (GDP), আয়, মুদ্ৰাস্ফীতি, অৰ্থায়নৰ আৰ্হি, বাজেট ব্যৱস্থাৰ পৰিসৰ আৰু বেংকিং ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে । আনহাতে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰনাথ ভট্টাচাৰ্যই বিধানসভাৰ সদস্য সকলক সংবাদ মাধ্যমৰ বিভিন্ন দিশ আলোকপাত কৰি বক্তব্য আগবঢ়ায়। অসম বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্যই শলাগৰ শৰাই আগবঢ়োৱা সামৰণি অনুষ্ঠানত জ্যেষ্ঠ বিধায়ক ভূৱন পেগুৱে বাজেট অধিৱেশনৰ ওপৰত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্য দাঙি ধৰাৰ লগতে প্ৰতিগৰাকী নৱ নিৰ্বাচিত বিধায়কক অধ্যয়নশীল হ’বলৈ পৰামৰ্শ আগবঢ়ায় ।

Leave A Reply

Your email address will not be published.