ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক

0 44

অসমীয়া লিপিক ইউনিকোডত অন্তৰ্ভুক্ত কৰাৰ দিশত অসম চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ সদস্য তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়া সকলৰে আজি জনতা ভৱনৰ কাৰ্যালয়ত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই এক বৈঠকত মিলিত হয়।
বৈঠকত অসমীয়া লিপিৰ ইউনিকোডৰ স্বীকৃতি লাভৰ দিশত চলি থকা অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এই পদক্ষেপক শীঘ্ৰে বাস্তৱায়িত কৰাৰ বিভিন্ন দিশ আলোচনা কৰা হয়।ইউনিকডত অসমীয়া লিপিয়ে স্বীকৃতি লাভ কৰিলে ইয়াৰ সংৰক্ষণ, প্ৰচাৰ আৰু বিশ্বব্যাপী ডিজিটেল মাধ্যমত প্ৰসাৰৰ ক্ষেত্ৰত ই এক তাৎপৰ্যপূৰ্ণ পদক্ষেপ হিচাপে হিচাপে পৰিগণিত হ’ব।এই সন্দৰ্ভত চলি থকা প্ৰক্ৰিয়াৰ বিষয়ে সময়ে সময়ে অৱগত কৰাৰ বাবে মন্ত্ৰী বড়াই বিষয়া সকলক নিৰ্দেশ দিয়ে।

আজিয়েই অনুষ্ঠিত অন্য এক সভাত অসমীয়া চলচ্চিত্ৰ আৰু মনোৰঞ্জন জগতৰ বাবে এক স্বকীয় OTT প্লেটফৰ্ম স্থাপনৰ প্ৰস্তাৱো পৰ্যালোচনা কৰা হয়। এই উদ্যোগে অসমৰ সৃষ্টিশীল প্ৰতিভা, চলচ্চিত্ৰ উদ্যোগ আৰু ডিজিটেল কণ্টেণ্টক নতুন সুযোগ আৰু বিশ্বব্যাপী দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সহায়ক হ’ব বুলি আশা কৰা হৈছে।
এই অটিটি প্লেটফৰ্মৰ বাবে নিৰ্মাণ কৰা এক নমুমাও দৃশ্য শ্ৰব্য মাধ্যম যোগে মন্ত্ৰী বড়াই দৰ্শন কৰে। বৈঠক দুখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০বি কল্যাণ চক্ৰৱৰ্তী, সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি বিশেষঞ্জ সমিতিৰ সদস্য উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.