অসম চৰকাৰৰ পৰিবহন বিভাগ, স্পেচবাৰ্জ আৰু অসম যুৱ পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত গণেশগুৰি উৰনীয়া সেতুৰ তলৰ পৰা পথ সুৰক্ষা , জীৱন ৰক্ষা শীৰ্ষক এক সজাগতামুলক কাৰ্য্যসূচী অনুষ্ঠিত হয় । এই কাৰ্য্যসুচীৰ শুভ উদ্বোধনী কৰে কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাস , পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া , অসম বাণিজ্য প্ৰসাৰ সংস্থাৰ অধ্যক্ষ সুনীল ডেকা , জনপ্ৰিয় অভিনেতা যতীন বৰা , বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে । অনুষ্ঠানত উপস্থিত থকা পৰিবহন বিষয়া গৌতম দাসে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মবোৰ মানি চলিবলৈ আহ্বান জনায় । পশুধন নিগমৰ অধ্যক্ষৰ মনোজ শইকীয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই যান বাহন চলাচলত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় । সজাগতা সভাৰ পিছতেই এক বিশাল মটৰ চাইকেল ৰেলী উলিয়াই পথ সজাগতাৰ ওপৰত ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা হয়।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index