পশ্চিম গুৱাহাটীৰ গাঁও অঞ্চলৰ বিশেষকৈ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ মহিলা সকল যাতে স্ব – নিৰ্ভৰশীল হ`ব পাৰে তাৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ( এ এছ এল আৰ এম ) জৰিয়তে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । বিশেষকৈ যিসকল মহিলা যি বিষয়ত দক্ষতা আছে তেওঁলোক সেইটো বিষয়ত পাকৈত হৈ নিজৰ লগতে আন দহজনক জীৱিকাৰ পথ দেখুৱাব পাৰে তাৰ বাবেও মহিলা আত্মসহায়ক গোট সমূহক অভিযানৰ জৰিয়তে প্ৰশিক্ষণ দিয়া কার্য আৰম্ভ কৰিছে বিধায়ক কলিতাই। পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ গড়লত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা ৰাণী শীতকালীন উৎসৱ ২০২১ ত অঞ্চলটোৰ চাৰি গৰাকী মহিলাক একোখনকৈ বাহন প্ৰদান কৰি মহিলা সকলৰ স্ব – নিৰ্ভৰশীল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।এই উপলক্ষে এ এছ এল আৰ এমৰ মুখ্য অপাৰেটিং বিষয়া হিমাদ্রি কোচৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ বিধায়ক কলিতাই কয় মহিলা সকলেই সমাজ এখনৰ মূল চালিকা শক্তি। যিখন সমাজত মহিলা সকল আৰ্থিক ভাৱে স্বাৱলম্বী হ`ব পাৰে সেইখন সমাজেহে আগুৱাই যাব পাৰে। আগন্তক দিনত ৰাণী উন্নয়ন খণ্ডৰ মহিলা আত্মসহায়ক গোট সমূহক শক্তিশালী কৰাৰ বাবে দৰকাৰ হ`লে তেওঁৰ বিধায়ক পুঁজিৰ পৰা আৰ্থিক অনুদান আগবঢ়াব বুলি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ এ এছ এল আৰ এমৰ মিছন সঞ্চালক কৃষ্ণা বৰুৱাই অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি মহিলা সকলক আঁচনি সমূহৰ সুবিধা সমূহ গ্ৰহণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত অগপ দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা,এ এছ এল আৰ এমৰ ৰাজ্যিক প্রকল্প প্ৰবন্ধক দীপাংকৰ বৰুৱা ,ৰাণীৰ খণ্ড প্ৰকল্প প্ৰবন্ধক গুনজিৎ ঠাকুৰীয়া , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যকে ধৰি কেবাজনো বিশিষ্ট লোক,মহিলা আত্মসহায়ক গোটৰ কৰ্মকর্তা উপস্থিত থাকে। আনহাতে ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ প্ৰায় ৯০০ খন মহিলা আত্ম সহায়ক গোটৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত ৰাণী শীতকালীন উৎসৱত সক্ৰিয়ভাবে ৪০ টা গোটে ভাগ লৈছে। উৎসৱত হস্ততাত ,হস্তশিল্প ,পৰম্পৰাগত পিঠা, পনা , লাড়ু , জাম – জেলী , আচাৰকে ধৰি গোট সমূহে উৎপাদন কৰা সামগ্ৰীৰ বিক্ৰী আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ