অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰ শাখা সমিতিৰ অষ্টম বাৰ্ষিক অধিবেশন আৰু অসমীয়া গদ্য সাহিত্যৰ জনক, বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী ভট্টদেৱৰ তিৰোভাৱ তিথি যোৱা ২৬ ডিচেম্বৰত হাতীগাঁৱৰ সিজুবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। বিয়লি ৩ বজাত সাহিত্য পৰিষদৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ধীৰেণ শৰ্মাই উদ্ধোধন কৰা সভা সঞ্চালনা কৰে মহানগৰ সমিতিৰ সভাপতি নিশুতি মজুমদাৰে। সভাত পাণ্ডু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা যশস্বী লেখক ভৱানীপ্ৰসাদ অধিকাৰীয়ে মুখ্য বক্তা হিচাপে অংশ লৈ অসমীয়া সাহিত্য জগতলৈ শ্রীশ্রী ভট্টদেৱৰ অৱদান লগতে তাহানিৰ সাহিত্যৰ স’তে বৰ্তমানৰ সাহিত্যৰ এক তুলনামূলক অধ্যয়নৰ সমীক্ষা দাঙি ধৰে। সভাত সাহিত্য পৰিষদৰ অসম প্ৰদেশ সমিতিৰ উপ-সভাপতি দেৱেশ্বৰ কলিতা, সচিব প্ৰধান কমল কলিতা বিশিষ্ট অতিথি হিচাপে অংশ লয়। মুকলি সভাৰ পূর্বে অনুষ্ঠিত বিষয় বাছনি সভাত ড০ দেবেন চন্দ্র দাস, ধীৰেণ শৰ্মা, মীনা কুমাৰী ৰায়মেধি, ৰমেন কলিতা, ডাঃ ইলিয়াচ আলী, তাইৰুল ইছলামক উপদেষ্টা, নিশুতি মজুমদাৰক সভাপতি, বিৰজা দেৱীক কাৰ্যকৰী সভাপতি, ডাঃ যোগেন দাস, মণিৰাম দাস, কমল কলিতাক উপ-সভাপতি, সুভাষ শৰ্মাক সচিব, দীপক শৰ্মাক প্ৰচাৰ সচিব, সুস্মিতা মজুমদাৰক কাৰ্যলয় সচিব, বন্দনা ৰায়মেধিক কোষাধ্যক্ষ হিচাপে লৈ আগন্তুক কাৰ্যকালৰ কমিটিখন গঠন কৰে।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ