টপচেম চিমেণ্টৰ সংবাদ মেলৰ আঁত ধৰি

0 257

উত্তৰ পূব ভাৰতৰ অগ্ৰণীয় চিমেণ্ট উদ্যোগসমূহৰ ভিতৰত টপচেম চিমেণ্ট উল্লেখযোগ্য।উন্নতি আৰু বিকাশৰ মাজেৰে সফলতাৰ বহুকেইটা বৰ্ষ উদযাপন কৰাৰ পিছত টপচেম চিমেণ্টে সামাজিক দায়িত্ববোধ পালন কৰাতো বিশেষ সুনাম অৰ্জন কৰিছে।বৃদ্ধ তথা বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ মুখত হাঁহি বিয়পোৱাৰ বাবে প্ৰতিপালন আৰু বিনিময়ৰ প্ৰতিশ্ৰুতিৰে প্ৰতিষ্ঠানটোৱে দশকজুৰি সফলতাৰ দিশত অগ্ৰসৰ হৈছে ।বিগত বৰ্ষৰ দৰে এইবাৰো টপচেম চিমেণ্টে বৃদ্ধাৱাসৰ লগতে বিশেষ ভাৱে সক্ষম শিশুসকলৰ মাজত বিহু উদযাপনৰ কাৰ্য্যসূচী হাতত লৈছে ।সেই অনুসৰি আছাম অতিজিম ফাউণ্ডেচন,অল্ড এজ হোম, শিশু সাৰথি, আমাৰ ঘৰ, মাডাৰ অল্ড ইজ হোম, আশাদ্বীপ, শান্তি নিবাসত বিহু উদযাপনৰ কাৰ্য্যসূচী ৰাখিছে।উল্লেখযোগ্য যে ৮ এপ্ৰিলৰ পৰা ১২ এপ্ৰিল পৰ্য্যন্ত এই অনুষ্ঠান সমূহত বিহুৰ কাৰ্য্যসূচী ৰূপায়ন হ’ব।আজি মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত আয়োজিত এক সংবাদ মেলত মেঘালয়ৰ চিমেণ্টেৰ অধ্যক্ষ ডঃঅনিল কাপুৰে কয় যে টপচেম চিমেণ্টে সদায়ে সমাজৰ উপেক্ষিত জনক সহযোগ কৰি আহিছে ।সমাজৰ বঞ্চিত জনক সকাহ যোগোৱাটো টপচেম চিমেণ্টৰ সংস্কৃতি বুলি মন্তব্য কৰে।সংবাদ মেলখনত প্ৰতিষ্ঠানটোৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.