টি এম পি কেৰ ঢকুৱাখনা ডিমৰুগুৰি আঞ্চলিকৰ ৬৫ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

0 178

মিচিং জাতিয় ছাত্ৰ  সংগঠন টাকাম মিচিং পৰিন কৌবাংৰ  ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ডাংধৰা আঞ্চলিকৰ  অন্তৰ্গত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২২ত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাবী শিক্ষাৰ্থী সকলক দেওবাৰে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। টি এম পি কেৰ  আৰু ডিমৰুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ডাংধৰা  উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা সভাৰ শুভ উদ্ধোধন কৰে টি এম পি কেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক যতীন পেগুৱে। জিলা টি এম পি কেৰ উপ সভাপতি সঞ্জীৱ দলেয়ে আঁত ধৰা সভাৰ সঞ্চালনা কৰে মিচিং জাতিয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য গজেন দলেয়ে । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা এম এম কেৰ সভাপতি সুনীল পেগু ,মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা 
ইন্দ্ৰ কুমাৰ চুংক্ৰাং , নাথুৰাম পেগু , ৰাজীৱ দলে , দিপাঞ্জল দলে , ,জিলা  টি এম পি কেৰ সভাপতি  বৃগেন দলে ,দ্বীপেন দলে ,মোহন পেগু ,অমৰজিত দলে , জিলা টি এম পি কেৰ প্ৰাক্তন সভাপতি জগন্নাথ দলে ,জিলা উপ সভাপতি উমানন্দ দলে  , এম এম কেৰ সম্পাদক সঞ্জীৱ দলে ,  ভীষ্ম চুংক্ৰাং ,গৌতম বৰাং , আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৰোমণি দলে , পঞ্চায়ত সভানেত্ৰী  মীনা কুমাৰী দলে ,শিক্ষাবিদ  অৰুণ জ্যোতি পেগু ,জে কে একাডেমীৰ স্বত্বাধিকাৰী পংকজ পেগু আদি উপস্থিত থাকি মেধাবী শিক্ষাৰ্থী সকলক  ভৱিষ্যতৰ দিনত একোগৰাকীকৈ উৎকৃষ্ট মানৱ সম্পদ হিচাবে নিজকে গঢ়ি তোলাত আত্মনিয়োগ  কৰিবলৈ আহ্বান জনায়।
সম্বৰ্ধনা সভাত নৱ প্ৰজন্মৰ শিক্ষাৰ্থীক গুণগত শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক  মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয় । শতাধিক অভিভাৱক ,ৰাইজ আৰু কৃতিমান শিক্ষাৰ্থী সকল উপস্থিত থকা মনোজ্ঞ আলোচনা চক্ৰত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি  ঢকুৱাখনা মহাবিদ্যালয় অধ্যাপক প্ৰবীণ দলে ,লুইত পৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক উত্তম দলে ,এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আদিয়ে  শিক্ষাৰ্থী সকলক লক্ষ্য সুনিশ্চিত কৰি একাগ্ৰতাৰে  অধ্যয়নত ব্ৰতীহৈ  একো একোজন উত্তম মানৱ সম্পদ হিচাবে গঢ় দিয়াৰ বাবে মনোনিবেশ কৰাৰ পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় ।সভাত  মেট্ৰিক পৰীক্ষাত অঞ্চলটোৰ  ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপক মাইনা দলে ( ৯০ শতাংশ) , উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (বিজ্ঞান শাখা) ৮৩ শতাংশ  নম্বৰ প্ৰাপক কল্যাণী পেগুৰ লগতে মুঠ ৬৫ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা,গ্ৰন্থ সম্ভাৰ আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি উজ্বল ভৱিষ্যত কামনা কৰে হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.