টীম আছামে কাম কৰি আছে-পাটোৱাৰী

0 260

দিছপুৰৰ জনতা ভৱনত আজি ৰাজ্যিক পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এক সংবাদ মেল অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সকলোৱে সাম্প্ৰতিক পৰিস্থিতিৰ বিৰূদ্ধে টীম অসম হিচাপে কাম কৰি থকাৰ কথা উল্লেখ কৰাৰ সমান্তৰালভাৱে তেখেতে কয় যে এই দিশত ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
লগতে কয় যে ইতিমধ্যে ক’ৰণাক প্ৰতিৰোধ  কৰাৰ ক্ষেত্ৰত ২৬০০০খন গাঁৱত ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে। অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই কাম কৰি আছে।অসম আৰক্ষীয়েও  যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ইয়াৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা আৰু ফণীভূষণ চৌধুৰীৰ কথাও কয়। অতুল বৰাই পথাৰত গৈয়ো কৃষকৰ অৱস্থাৰ বুজ লোৱাৰ লগতে কথা অতি কমকৈ কোৱা ফণীভূষণ চৌধুৰীয়েও যে তলে তলে ভাল কাম কৰি আছে সেয়াও সংবাদমেলত উল্লেখ কৰে।
ইয়াৰ সমান্তৰালভাৱে তেখেতে কয় যে মাত্ৰ ৪গৰাকী যাত্ৰীৰে কৰিমগঞ্জ জিলালৈ বাছ সেৱা প্ৰদান কৰা হৈছে। ২৮০০০জন বিমান আৰু ৰে’লেৰে অহা যাত্ৰীকো ঘৰলৈ পঠিওৱা হৈছে। ২মে’ পৰ্যন্ত প্ৰায় ৯০০০০জন মানুহক ঘৰলৈ পঠিওৱা হৈছে। ১০৪নম্বৰত পঞ্জীয়ন হোৱা ২৬৬০০ জন যাত্ৰীৰ বিপৰীতে পঞ্জীয়ন নোহোৱা ৪৮০০০জন লোককো ৰাজ্যিক পৰিবহন নিগমৰ জৰিয়তে ঘৰলৈ পঠিওৱা হৈছে ।
এই সংবাদমেলতে মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ৰাজ্য চৰকাৰে সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পী সকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব। এইক্ষেত্ৰত ইতিমধ্যে ৫কোটি৫০লাখ টকা ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া বুলি সংবাদ মেল যোগে  জানিবলৈ দিয়ে।ইয়াৰ লগতে যোগীঘোপাত ৭০০কোটি টকা ব্যয়ৰে এখন মাল্টি মডেল পাৰ্ক সংস্থাপনৰো ঘোষণা কৰে সংবাদমেলত।
বিগত ২০১৯বৰ্ষত ভাৰতে চাহ উৎপাদন কৰিছিল ৭১৫.৪৯মিলিয়ন কিন্তু লকডাউনৰ বাবে চাহ উদ্যোগত ১০০০কোটিৰ লোকচান হোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়।পৰিবহন,উদ্যোগ,বাণিজ্য ক্ষেত্ৰত চৰকাৰে গ্ৰহণ ব্যৱস্থাৱলীৰ জানিবলৈ দিয়ে।
 
 

Leave A Reply

Your email address will not be published.