অৱশেষত বহু কল্পনা জল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন ধাৰ্য্য কৰা হ’ল। অহা ৫ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ।১২ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোট গণনা ।এই সম্পৰ্কে আজি সদৰী কৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ নাথ বৰাই।মহানগৰীৰ হাউচফেডৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰা এক সংবাদ মেলত তেখেতে কয় যে প্ৰথম পৰ্য্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ নৱেম্বৰ আৰু দ্বিতীয় পৰ্য্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ নৱেম্বৰ । জিলা পৰিষদৰ সদস্য, সভাপতি পদ, ৱাৰ্ড মেম্বাৰৰ পদ, অাঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।এই বাৰৰ ভোটাৰৰ সংখ্যা বিগত বৰ্ষতকৈ প্ৰায় ২১শতাংশ অধিক।তেখেতে লগতে জনায় যে পূৰ্বৰ দৰে বেলটৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’ব।জিলা পৰ্য্যায়ৰ পৰা পঞ্চায়তৰ পৰ্য্যায়লৈ প্ৰাৰ্থী সকলে ক্ৰমে ৬, ৪০,০০০পৰা ১৬,০০০টকা নিৰ্বাচনত খৰচ কৰিব লাগিব।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন