প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগত খোজ মিলাই আজি আনুষ্ঠানিকভাৱে অসম পৰিবহন নিগমৰ এটা এপ মুকলি হয় ।এই এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।মহানগৰীৰ আই এছ বি টিত অনুষ্ঠিত এক অনুষ্ঠানত এপটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই এপটোৰ জৰিয়তে যাত্ৰীসকলে ঘৰতে বহি টিকট বুকিং কৰিব পাৰিব।গাড়ীৰ অৱস্থিতি সম্পৰ্কে জানিব পাৰিব । বিভিন্ন চাইট যেনে make my tip, Yatra. Comঅথবা redbus. in ৰ জৰিয়তে যাত্ৰী সকলে টিকট বুকিং কৰিব পাৰিব ।মন্ত্ৰীগৰাকীয়ে জনোৱা মতে অসম পৰিবহন নিগমে বৰ্তমানে ৮০০কোটি টকা ৰাজহ অৰ্জন কৰি আছে ।পৰৱৰ্তী সময়ত দুৰণিবটীয়া অঞ্চল বিলাকলৈ যাতায়তৰ বাবে ২০খন বাছৰ সেৱা আগবঢ়োৱা হ’ব।গুৱাহাটীৰ পৰা শ্বিলং আৰু ইটানগৰ অভিমুখে যোৱা ৬খনকৈ বাছ আজিৰে পৰা আৰম্ভ কৰা হৈছে ।২০২০ চনলৈ অসম পৰিবহন ব্যৱস্থা অধিক ৰূপত প্ৰসাৰিত হ’ব।পৰিবহনৰ অন্য অন্য ক্ষেত্ৰসমূহৰ বিৱৰণ দাঙি ধৰি কয় যে নতুন দিল্লীৰ বিমান বন্দৰৰ নিচিনাকৈ গুৱাহাটী বিমান বন্দৰ গঢ দিয়া হ’ব।লিডু আৰু ধুবুৰীৰ ৰূপশ্ৰী বিমান বন্দৰটো নকৈ মুকলি কৰা হ’ব ।আটাইতকৈ কম খৰচৰ পৰিবহন ব্যৱস্থা জলপৰিবহনৰ প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।অনুষ্ঠানত অসম পৰিবহন নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ৰ ৰায়ে কয় যে ১৯৭০চনত জন্ম লাভ কৰা অসম পৰিবহন নিগমে বহু ঘাট প্ৰতিঘাটৰ মাজেৰে এই অৱস্থাত পাইছে ।আন্তঃ গাঁঠনি উন্নয়নৰ লগতে আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ক্ষেত্ৰতো পৰিবহন নিগমে গুৰুত্ব প্ৰদান কৰিছে ।আগন্তুক দিনত অধিক শক্তিশালীভাৱে আমি টিম হিচাপে কাম কৰি যাম ।অনুষ্ঠানত অসম পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে পৰিবহন নিগমে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে মন্তব্য কৰে।অনুষ্ঠানত অসম পৰিবহন নিগমৰ অধ্যক্ষ, উপাধ্যক্ষৰ লগতে অশোতোষ অগ্নিহোত্ৰী, ভাৰত ভূষণ চৌধুৰীৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন
Well written with all the main points.