ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীরে আজিৰে পৰা দুদিনীয়াকৈ একাডেমীৰ প্ৰাংগণত ডিপ ফ’কাচ স্টুডেন্ট শর্ট ফিল্ম ফেষ্টিভেলৰ আয়োজন কৰে। উক্ত চুটি ছবি মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ ছাত্ৰ চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত এই চুটি মহোৎসৱখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ড্রিম হাউছ প্ৰডাকছনৰ সঞ্চালক নীতা শৰ্মাই। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে ডি এফ এছ এছ এফ মহোৎসৱৰ প্ৰথম অভিনত ৫২ খন চুটি চলচ্চিত্রই অংশগ্রহণ। কৰে যদিও ইয়াৰে ২০ খন চলচ্চিত্ৰ বাছনি কৰা হয়। উক্ত ২০ খন চুটি চলচ্চিত্ৰৰ ভিতৰৰ পৰা ১০ খন চলচ্চিত্র বিশেষ প্ৰদৰ্শনৰ বাবে বাছনি কৰা হয়। উক্ত মহোৎসৱত উদ্বোধনী চলচ্চিত্ৰ হিচাবে অসমৰ চলচ্চিত্র নির্মাতা খানছন কিশোৰ নাথৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কাৰ্বি চুটি ছবি ‘কাচিচিনিথু’ প্ৰদৰ্শন কৰা হয়। কা, মস্কো, বুছান, কায়েৰ’ৰ দৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা জুৰিৰ সদস্য বিতুপন বৰবৰাৰ লগতে বলীউডৰ প্রখ্যাত চিত্ৰগ্ৰহণকাৰী কৰিম খাটী, চলচ্চিত্ৰ পৰিচালক ৰাজ মুখার্জী, ৰাণা সন্তোষ কুমাৰ আৰু গৌতম চক্ৰৱৰ্তীয়ে জুৰিব আসন শুৱনি কৰে। উক্ত মহোৎসৱত বিভিন্ন শ্রেণী বিশেষকৈ শ্রেষ্ঠ অভিনেতা, শ্রেষ্ঠ অভিনেত্রী, শ্রেষ্ঠ। সম্পাদক, শ্রেষ্ঠ চিত্ৰগ্ৰহণকাৰী, শ্রেষ্ঠ ধ্বনি ডিজাইনাৰক বঁটা প্ৰদান কৰা হ’ব। বঁটা বিজয়ীসকলে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে ড্রিম হাউছৰ সৈতে সম্পৰ্ক বজাই ৰাখিব পাৰিব। কাইলৈ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিজয়ীসকলক বঁটা প্ৰদান কৰা হ’ব।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ