ঢকুৱাখনাত নিচামুক্তি কেন্দ্ৰ উদ্বোধন

0 405

সাম্প্ৰতিক প্ৰেক্ষাপটত ভয়াবহ ভাবে বৃদ্ধি পাই অহা ড্ৰাগছ ,মদ,ভাং আদি বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ কৰাল গ্ৰাসত পৰি যুৱ প্ৰজন্ম এক অনিশ্চিত ভৱিষ্যতলৈ গতি কৰিছে।সমাজ আৰু সভ্যতাৰ প্ৰতি ভয়ংকৰ অভিশাপ হিচাবে থিয় দিয়া এই নিচাৰ গ্ৰাসত পৰা প্ৰজন্মক পৰিত্ৰাণ দিয়াৰ মানসেৰে বুধবাৰে ঢকুৱাখনাত এক নিচা মুক্তি কেন্দ্ৰ উদ্বোধন কৰা হয়। স্বেচ্ছাসেৱী সংগঠন লভ এণ্ড কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত ঢকুৱাখনা নগৰৰ ৪নং ৱাৰ্ডৰ কচুগাঁওত অৱস্থিত এই কেন্দ্ৰটোৰ ফিটা কাটি প্ৰৱেশ দ্বাৰ উদ্বোধন কৰে ঢকুৱাখনা মহকুমা মহিলা সমিতিৰ সভানেত্রী মঞ্জু গগৈয়ে।অৱসৰপ্ৰাপ্ত শিক্ষাবিদ চেনিৰাম বৰুৱা,দ্বিগেন হাজৰিকা,ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়া, ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক দত্ত,উপ সভাপতি ৰাজ বৰা,সম্পাদক ভাস্কৰ দত্ত,ৱাৰ্ড কমিচনাৰ তিলেন দাস আদি উপস্থিত থকা অনুষ্ঠানত কেন্দ্ৰটোৰ মুখ্যদ্বাৰৰ ফিটা কাটি উন্মোচন কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে । স্বেচ্ছাসেৱী সংগঠন লভ লাইফ কেয়াৰৰ বিষয়ববীয়া সীমান্ত বৰা, কেন্দ্ৰটোৰ উদ্যোগক্তা  তৰালী চুতীয়া বৰুৱা, ইনামনি বৰুৱা আৰু অগণন বিশিষ্ট নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী সভাত উদ্বোধক  মহিলা নেত্ৰী মঞ্জু গগৈয়ে কয় কম কষ্টৰে ,কম সময়তে অধিক ধন ঘটাৰ হাবিয়াস,সহজলভ্য সুৰাৰ বিপনি আৰু ড্ৰাগছৰ বহুল উপলব্ধিকৰণৰ বাবে এনে কেন্দ্ৰৰ প্ৰয়োজনীয়তা আহি পৰিছে।নিচাসক্ত বিপথগামী যুৱ প্ৰজন্মক এই কুপথৰ পৰা আঁতৰাই  সংস্কাৰী আৰু উৎকৃষ্ট মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ বাবে পিতৃ মাতৃ আৰু সমাজৰ দায়িত্ব অধিক বুলি কৈ এইসকল সম্ভাৱনাপূৰ্ণ যুৱ প্ৰজন্মক  সঠিক পথৰ সন্ধান দিয়াত এই কেন্দ্ৰটোৱে বৰেণ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।সভাত অন্যতম উদ্বোধক জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে ঢকুৱাখনাৰ স্বাভিমান,ঢকুৱাখনীয়া সভ্যতাৰ দিগদৰ্শক প্ৰবাদ পুৰুষ হোমেন  বৰগোহাঞি,হেমেন গগৈ,গণেশ গগৈৰ মাৰ্গ দৰ্শন অনুসৰণ কৰি তেওঁলোকৰ সপোনৰ ঢকুৱাখনাখন গঢ়াৰ বাবে যুৱপ্ৰজন্মৰ কৰণীয়তা অধিক বুলি কৈ বিভিন্ন কাৰণত বৰবিহ স্বৰূপ মাৰাত্মক ড্ৰাগছ ,মদ, ভাং আদিৰ গ্ৰাসত পৰা নতুন প্ৰজন্মক শৃঙ্খলিত,প্ৰকৃত মনুষ্যত্বৰ  নতুন দিগন্ত দেখুৱাবলৈ এই কেন্দ্ৰই নিশ্চিত ভাবে সক্ষম হব বুলি কয়।
প্ৰবীণ শিক্ষাবিদ চেনিৰাম বৰুৱা, দ্বিগেন হাজৰিকা আদিয়েও শুভেচ্ছামূলক বক্তব্য আগবঢ়াই।সভাত কেন্দ্ৰটোৰ অন্যতম পৰিচালক সীমান্ত বৰায়ো কেন্দ্ৰটোৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত চমু অবলোকন কৰি এই ক্ষেত্ৰত অভিভাৱক আৰু শুভাকাংক্ষী ৰাইজৰ পৰামৰ্শ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.