মুগা খেতি তথা ৰেচম শিল্পৰ উৰ্বৰা ক্ষেত্ৰ ঢকুৱাখনা মহকুমাত কৌটিকলিয়া এই শিল্পটোক বিজ্ঞানসন্মত ভাবে উজ্জীৱিত কৰি গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ এক সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদে। যোৰহাটৰ কেন্দ্ৰীয় চিল্ক বৰ্ডৰ অধীনৰ কেন্দ্ৰীয় মুগা-এৰি গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত পৰিষদীয় এলেকাৰ বিভিন্ন সমষ্টিৰ ৰেচম পালনৰ বাবে আগ্ৰহী যুৱক সকলক অভিজ্ঞ কাৰিকৰী বিষয়াৰ জৰিয়তে এলানি প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান আঁচনি গ্ৰহণ কৰা পৰিষদে ঢকুৱাখনাত শুক্ৰবাৰে বিয়লি এই ৫ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি কৰে। ঢকুৱাখনাৰ মাতমৰা অঞ্চলৰ লয়িদ কম্প্লেক্সত অনুষ্ঠিত ৫ দিনীয়া এই প্ৰশিক্ষণৰ শুক্ৰবাৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু , হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং , যোৰহাটৰ লাহদৈগঢ়স্থিত কেন্দ্ৰীয় মুগা-এৰি গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড° দিগন্ত মেচ , এছ টি এ , ড° বিতোপন দাস, ৰেচম বিজ্ঞানী ড° পলাশ দত্ত,ৰেচম বিষয়া অশ্বিনী কলিতা, এম এ চিৰ সাধাৰণ সদস্য লাৱন্য মিলি, বিউটি পেগু ,টি এম পি কেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক যতীন পেগুৰ লগতে গৰিষ্ঠ সংখ্যক মিচিং জাতীয় সংগঠনৰ নেতা কৰ্মী। মুঠ ৩২ গৰাকী উদ্যমী ৰেচম পালকে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষনৰ সামৰণি অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ পেগুৱে প্ৰশিক্ষণত আৰ্জিত শিক্ষাৰ সদ ব্যৱহাৰ কৰি গ্ৰাম্য অৰ্থনীতি মজবুত কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ আহ্বান জনায়।সভাত পৰিষদৰ হস্ত তাঁত বস্ত্ৰ উদ্যোগ বিভাগৰ কার্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং ,উদ্যোগী স্বাৱলম্বী জাতীয় সংগঠনৰ নেতা যতীন পেগুৱে প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index