কাৰ্টুনিষ্ট নুৰুল ইছলামলৈ ত্ৰৈলোক্য দত্ত সোঁৱৰণী চিত্ৰশিল্পী বঁটা

0 444

অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আৰু অমূল্য কাকতি বঁটা প্ৰাপক, শিল্পী পেঞ্চনাৰ তথা কাঁহুদী, সময়ৰ শৰৰ উপৰি কাৰ্টুন জগতৰ ধ্ৰুৱতৰা প্ৰখ্যাত কাৰ্টুনিষ্ট ত্রৈলোক্য দত্ত সোঁৱৰণী “চিত্ৰশিল্পী বঁটা ২০২২”ৰ বাবে কাৰ্টুনিষ্ট, ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলামক নিৰ্বাচিত কৰা হৈছে ৷ বিশিষ্ট কাৰ্টুনিষ্ট গৰাকীৰ পৰিয়ালৰ ফালৰ পৰা উক্ত বঁটাটি আগবঢ়োৱা হ’ব। অহা ২০ নৱেম্বৰত গুৱাহাটীৰ চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হ’বলগীয়া চেমনীয়া সকলৰ বৌদ্ধিক বিকাশৰ অন্যতম মঞ্চ সোণপৰুৱাৰ হাঁহিৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ কাৰ্যসূচীত উক্ত বঁটাটি প্ৰদান কৰা হ’ব বুলি প্ৰয়াত শিল্পী গৰাকীৰ ভতিজা বিশিষ্ট লেখিকা ড° নঞ্জু দত্ত আৰু সোণপৰুৱাৰ হাঁহি অনুষ্ঠানটিৰ সভাপতি শুক্লেশ্বৰ নাথ তথা সম্পাদক ঊষামণি শ‍ইকীয়াই জনাইছে।

Leave A Reply

Your email address will not be published.