ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু চিৰাং জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আজি ভূমিকম্প দুৰ্যোগৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ বিপদকালীন আখৰা অনুষ্ঠিত কৰে। দিল্লী পাব্লিক স্কুল, বি জি আৰ টাউনশ্বিপ, আই অ’ চি এল-বি জি আৰ প্ৰশাসনিক ভৱন, জিলা পৰিবহণ কাৰ্যালয় ভৱন, চিৰাং আৰক্ষী সংৰক্ষিত কৰ্মচাৰী কোৱাৰ্টাৰ আৰু জে এছ বি অসামৰিক চিকিৎসালয় আদি স্থানসমূহ ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে বাছনি কৰা হয়।পুৱা ৯.০৬ বজাত ভূমিকম্পৰ সংকেত ধ্বনি বজোৱাৰ লগে লগে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰ, ষ্টেজিং এৰিয়া, ইঞ্চিডেণ্ট কমাণ্ড পোষ্ট, মেডিকেল ইত্যাদি সকলো সক্ৰিয় কৰা হয়। লগে লগে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল, অগ্নিনিৰ্বাপক দল, এছ ডি আৰ এফ, চিকিৎসা দল আৰু অন্যান্য দ্ৰুত উদ্ধাৰকাৰী দল আদি সংশ্লিষ্ট এলেকাত সংগঠিত কৰা হয়।ঘটনাস্থলীত স্থাপন কৰা চিকিৎসা সাহায্য চকীত আহত ৰোগীসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে গুৰুতৰভাৱে আহত ৰোগীসকলক জে এছ বি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। উক্ত মেগা ইভেণ্টত জিলা প্ৰশাসনৰ উপৰিও এছ এছ বি, এছ ডি আৰ এফ, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, আই অ’ চি এল বি জি আৰ, চি আই এছ এফ, লাইন বিভাগৰ বিষয়া, ৰাজ্যিক আৰক্ষী, সামূহিক স্বেচ্ছাসেৱক আদিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।উক্ত বিপদকালীন সংকট মোচন আখৰাৰ বাবে চি আই এছ এফ, এছ এছ বি, আই অ’ চি এল-বিজিআৰ কৰ্তৃপক্ষৰ পৰাও স্বতন্ত্ৰ পৰ্যবেক্ষক নিযোগ কৰে আৰু সেই অনুসৰি পৰ্যালোচনা বৈঠকত তেওঁলোকৰ পৰ্যবেক্ষণ দাখিল কৰে ।এই অনুশীলন সকলো অংশীদাৰৰ বাবে নতুন কথা শিকিবলৈ, ত্ৰুটি-নতি চিনাক্ত কৰিবলৈ আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক ডাঙৰ শিক্ষণ সুযোগ হৈ পৰিছে যিয়ে বাস্তৱ পৰিস্থিতিৰ সময়ত সকলো অংশীদাৰৰ মাজত মসৃণ সমন্বয় নিশ্চিত কৰিব।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি