ঢকুৱাখনাৰ কমাৰ শিল্পই যুগ যুগৰ ঐতিহ্য বহন কৰিছে

0 340

ঢকুৱাখনা মহকুমাৰ শৈল্পিক ইতিহাস সমৃদ্ধ কৰি অহা কাঁহ শিল্প , ৰেচম শিল্পৰ লগতে ঐতিহ্য মণ্ডিত কমাৰ শিল্পয়ো  স্বাভিমানী ঢকুৱাখনাৰ গৌৰৱোজ্জ্বল অধ্যায় জনদৃষ্টিত দাঙি ধৰি আহিছে।  কৃষিনিৰ্ভৰ, শ্ৰমজীৱী গঞা পৰিয়াল আৰু খাটি খোৱা ৰাইজৰ  ঘৰুৱা ব্যৱহার্য  লোৰে নিৰ্মিত দা- কটাৰী আৰু কৃষি সঁজুলি প্ৰস্তুত কৰাৰ একমাত্ৰ নির্ভৰ যোগ্য কমাৰ শালৰ হিচাবে বিগত শতিকাজুৰি বিখ্যাতহৈ আহিছে যোগীসুঁতি বৰবিল নেপালী গাঁওখন।  নিখুঁত নিৰ্মানশৈলী , সুগঢ়ি নিৰ্মান পদ্ধতি, নিভাঁজ লোৰ ব্যৱহাৰেৰে বিগত প্ৰায় শতিকাজুৰি নিৰবিছিন্ন আৰু নিৰন্তৰ ভাবে কমাৰ শিল্পটোৰ পাতনি মেলিছিল  গাঁওখনৰ কেইটামান নেপালী সম্প্ৰদায়ৰ শ্ৰমজীৱী পৰিয়ালে। বিগত ১৯শতিকাৰ মাজভাগত বৃহত্তৰ অঞ্চলটোৰ  কৃষিজীৱী ৰাইজৰ সহায়ক হোৱাকৈ এটা কুমাৰ পৰিয়ালে আহি আশ্ৰয় লৈছিল যোগিসুঁতি গাঁওত।  তেতিয়াৰ পৰাই অৱধাৰিত ভাবে  আজি পৰ্যন্ত সমগ্ৰ ঢকুৱাখনা অঞ্চলৰ কৃষক ৰাইজৰ প্ৰয়োজন সাপেক্ষে নাঙলৰ ফাল , খামতী দা , মেচি দা , নগা দা, কুঠাৰ , কাঁচি , কটাৰী, বিভিন্ন জনগোষ্ঠীয় অস্ত্ৰকে ধৰি বিভিন্ন ধৰণৰ লোৰে নিৰ্মিত নিত্য ব্যৱহার্য সঁজুলি প্ৰস্তুত কৰি  বিক্ৰী কৰি আহিছিল। প্ৰধানতঃ প্ৰয়াত মন বাহাদুৰ বিশ্বকৰ্মাৰ পিতৃয়ে ঢকুৱাখনাৰ যোগিসুঁতি বৰবিল গাঁওত এই কমাৰ শিল্পৰ পাতনি মেলাৰ পৰৱৰ্তী সময়ত আজি পৰ্যন্ত বংশানুক্ৰমে চলি আহিছে এই কমাৰ শাল সমূহ।  সময়ৰ গতিত যোগিসুঁতি বৰবিল নেপালী গাঁওলৈ পৰিণত হোৱা এই নেপালী সম্প্ৰদায়ৰ বসতি ভূমিত পৰম্পৰাগত ভাৱে গঢ় লৈ উঠিছে মুঠ ৬খনকৈ কমাৰ শাল। প্ৰয়াত মন বাহাদুৰ বিশ্বকৰ্মাৰ মৃত্যুৰ পৰৱৰ্তী সময়ত পুত্ৰ হৰিলাল বিশ্বকৰ্মাই পিতৃৰ ব্যৱসায়ৰ ধাৰাবাহিকতা ৰাখি ৬০ৰ দশকৰ পৰা এই বৃত্তি চলাই আহিছে। পৰৱৰ্তী সময়ত গাঁওখনৰ শতিকা জিনা এই কমাৰ শিল্পটোক প্ৰসাৰণ কৰাত মনোনিবেশ কৰিলে নিৰ্মল  বিশ্বকৰ্মা ,
নিৰঞ্জন বিশ্বকৰ্মা , দীপক বিশ্বকৰ্মা, পূৰ্ণ বিশ্বকৰ্মা, আৰু সঞ্জীৱ বিশ্বকৰ্মাই।  অতীজৰ নিভাঁজ ,নিখুঁত আৰু সুগঢ়ি নিৰ্মানশৈলীৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি অহা এই বৰবিলৰ কমাৰ শাল এতিয়া কোৰোনাকালীন জটিল পৰিস্থিতিৰ গ্ৰাসত নিমৰ্জিত । আংশিক লক ডাউন , সান্ধ্য আইন আদিৰ বাবে প্ৰায় এশবছৰ গৰকা এই কমাৰ শিল্পটোৰ স্থবিৰতা আহি পৰিলেও থমকি ৰোৱা নাই । পূব  ঢকুৱাখনা পঞ্চায়তৰ এই ৬ খন কমাৰ শালৰ সতে জড়িত ৬টা পৰিয়ালৰ লগতে সহায়কাৰী প্ৰায় ৩০ জন শ্ৰমিকৰ ৩০ তা পৰিয়াললৰ জীৱন জীবিকাও সংপৃক্ত এই কুটিৰ শিল্পৰ সতে । “এন ই ফোকাচ”ৰ  আগত কমাৰ শিল্পী সকলে  জনোৱামতে কোভিডৰ বাবে প্ৰায় দুটা বছৰ সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে উৎপাদন কাৰ্য।  স্থানীয় গঞাই জনোৱামতে গুৱাহাটী ,নগাঁও, যোৰহাট  তিনিচুকীয়া , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ ,মাজুলী আদি জিলাৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন লোকে অতি ভিতৰুৱা এই কমাৰ শাললৈ আহি প্ৰয়োজনীয় সামগ্ৰী মনে বিচৰা ৰূপত গঢ়াই ক্ৰয় কৰি নিয়ে। বৰ্ষীয়ান কমাৰ হৰি লাল বিশ্বকৰ্মা ( ৫৮)ই জনোৱামতে বিশুদ্ধ স্প্ৰিং লোৰে নিৰ্মিত  সামগ্ৰী বিক্ৰী কৰি  মাহিলী প্ৰায় ২০-৩০ হাজাৰ টকা অৰ্জন কৰা শাল সমূহৰ এতিয়া  ৫০০ টকাৰ সমগ্ৰীও বিক্ৰী নহয়।  প্ৰতিটো কমাৰ ভাটি-নিহাৰীৰ বাবে নূন্যতম ৪ গৰাকীকৈ সহায়ক স্থানীয় ভাবে নিয়োজিত হৈ থকা সমগ্র শাল সমূহ বছৰ বছৰ ধৰি বন্ধ হৈ থকাত ডেৰকুৰি পৰিয়াললৈ মহা সংকট নামি আহিছে। লক ডাউনৰ বাবে গ্ৰাহকৰ অভাৱ ,শূণ্য আয়, কেঁচা সামগ্ৰী  যেনে এঙাৰ , স্প্ৰিং লোহাৰ ,আদি আনিবলৈ যাব নোৱাৰা অবস্থাই  জুৰুলা কৰা এই কমাৰ শিল্পী সকলে এতিয়া দুৰ্বিসহ জীৱন অতিবাহিত কৰা বুলিও জনালে শিল্পী সকলে । তিনিটা প্ৰজন্ম ধৰি অব্যাহত ৰখা এই একক শিল্পৰ উজ্জীৱিত কৰাত চৰকাৰ -প্ৰশাসনৰ সহায় সহযোগিতা কামনা কৰিছে।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই..

Leave A Reply

Your email address will not be published.