ঢেকীয়াখোৱা নামঘৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

0 262

ক’ৰণা ভাইৰাছৰ সমান্তৰালভাৱে ৰাজ্যত বানপানীৰ তাণ্ডৱ অব্যাহত আছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বস্বান্ত কৰিছে নৈপৰীয়া ৰাইজক। টীয়কৰ ৰজাবাৰীতো বানপানীত আক্ৰান্ত লোকে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। বাঢ়নী পানীয়ে সৰ্বস্বান্ত কৰা বন্যাৰ্তৰ লগত আজি মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেখেতে পৰিস্থিতিৰ বুজ লৈ জিলা প্ৰশাসনক সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰে।
 
 
 
 
ইয়াৰ পিছতে ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত উপস্থিত হৈ ১কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে। বিয়লি মুখ্যমন্ত্ৰী গৰাকীয়ে টীয়ক আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সৰুপথাৰ আৰু শিৱসাগৰ থানা ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধন কৰে। এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যাপ্ৰসাদ তাছা, যোগেন মহন, জীৱমণি কাকতি, ৰেণুপমা ৰাজখোৱা আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.