অহা ২৫ আৰু ২৬ জুনত তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কেম্পেইন অনুষ্ঠিত হ’ব। তদুপলক্ষে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়। সভাত ডঃ নাথে খণ্ড উন্নয়ন বিষয়া, চক্ৰ বিষয়া, শিক্ষা বিষয়া, সমাজকল্যাণ বিষয়া আদিক খণ্ড, ভিচিডিচি, গাঁও আদি বিভিন্ন পৰ্যায়ত সমিতি গঠন কৰি অসুৰক্ষিত শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰিবলৈ আহ্বান জনায়। বিভিন্ন পৰ্যায়ত এই শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰাৰ পাছত এই সম্পৰ্কীয় সকলো তথ্য অহা ২৫ আৰু ২৬ জুনত আয়োগৰ প্ৰতিনিধিৰ সন্মুখত দাখিল কৰিবলৈ অতিৰিক্ত আয়ুক্ত ডঃ নাথে বিষয়াসকলক আহ্বান জনায়। আজিৰ সভাত সহকাৰী আয়ুক্ত কবিতা ফাংছ’ৰ উপৰি সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি