ভাৰতৰ নিৰ্বাচন আয়োগে ধাৰ্য কৰা অনুসৰি লোকসভা নিৰ্বাচনৰ ৪ জুনৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কামৰূপ মহানগৰ নিৰ্বাচন জিলা প্ৰশাসন । নিৰ্বাচন আয়োগে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষক আৰু গণনা পৰ্যবেক্ষকে ইতিমধ্যে গণনা প্ৰক্ৰিয়াৰ বাবে যাৱতীয় ব্যৱস্থাপনাৰ সকলো দিশ সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে। মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাত এইবাৰ কামৰূপ মহানগৰ নিৰ্বাচন জিলাত মুঠ ই ভি এমৰ সংখ্যা ১০২৬টা। জিলাখনৰ অন্তৰ্গত দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী- এই পাঁচটা বিধানসভা সমষ্টি প্ৰতিটোৰ বাবে ১৪ খনকৈ মুঠ ৭০ খন টেবুলত ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি প’ষ্টেল বেলট গণনাৰ বাবে দিহা কৰা হৈছে আন ১০ খন টেবুলৰ। উল্লেখনীয় যে দিছপুৰ বিধানসভা সমষ্টিত ১৬ ৰাউণ্ড, ডিমৰীয়াত ১৭ ৰাউণ্ড, নিউ গুৱাহাটীত ১৪ ৰাউণ্ড, গুৱাহাটী চেণ্ট্ৰেলত ১৪ ৰাউণ্ড আৰু জালুকবাৰীত ১৫ ৰাউণ্ড গণনাৰে সম্পন্ন কৰা হ’ব কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটগণনা।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan