চ’চিয়েল মেডিয়াৰ জৰিয়তেও কিছুমান গঠনমূলক কাম হয়।এনে গঠনমূলক কামেৰে উদ্ভাসিত হৈ উঠিল আমাৰ গহপুৰ নামৰ এটা গ্ৰুপ।গহপুৰৰ উত্তৰ ডুবিয়াৰ তগৰী গগৈ নামৰ এগৰাকী বৃদ্ধাক এই গ্ৰুপটোৱে জীৱন যাপনৰ কিছু সম্বল যোগান ধৰে।জানিব পৰা মতে অতিকে দৰিদ্ৰ পৰিয়ালৰ বৃদ্ধাগৰাকীৰ ঠাণ্ডাত ব্যৱহাৰ কৰিবলৈ কম্বল, তুলি ,গাৰু একোৱেই নাছিল।বৃদ্ধাগৰাকীৰ দুৰ্দশা পূৰ্ণ জীৱন গাথা কাকতত প্ৰকাশ পোৱাৰ পাছতে আমাৰ গহপুৰ নামৰ গ্ৰুপটোৱে বিহুৰ ওচৰত বস্ত্ৰদান কৰে আৰু তেখেতৰ ভগ্নপ্ৰায় গৃহটো বসবাসৰ উপযোগীকৈ মেৰামতি কৰি তোলে।ইয়ে প্ৰমাণ কৰে যে যান্ত্ৰিকতাৰ কোলাহলৰ মাজতো এখন মানৱতাৰ পৃথিৱী আছে।আনহাতে আজি কিছু মাহৰ আগতে দুৰ্গাপূজাৰ সময়ত বিষ্ঞুপুৰৰ প্ৰতিমাই সংবাদ শীৰ্ষ দখল কৰিছিল ।১০০ফুট উচ্চতাত নিৰ্মিত হোৱা দুৰ্গাপ্ৰতিমাখনৰ শিল্পী আছিল নুৰুদ্দিন আহমেদ নামৰ ব্যক্তিজন।বাঁহ শিল্পক প্ৰাধান্য দি নিৰ্মাণ কৰা প্ৰতিমাখনে ইতিমধ্যে লিংক বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট হৈছে ।এইবাৰৰ গণতন্ত্ৰ দিৱসত প্ৰতীকপদত স্থান লাভ কৰিব বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰশিল্পৰ সমাহাৰে।এই খবৰে সকলোকে আনন্দিত কৰি তুলিছে ।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন