দেশৰ ৩৫টা স্থানত ইতিমধ্যেই এই হোটেলগ্ৰুপৰ সেৱা উপলব্ধ হোৱা ক্লিক হোটেলছ্ৰ এটি শাখা শুকুৰবাৰে গুৱাহাটীৰ লালগণেশত মুকলি কৰা হয়। হায়াত হাস্পতালৰ সমীপত চুবা গ্ৰুপ অৱ হোটেলছ্ৰ এই অত্যাধুনিক হোটেলত অনুষ্ঠিত হোৱা সংবাদমেল সম্বোধন কৰি হোটেলখনৰ প্ৰবন্ধক পৱন পাঠকে ৰাইজৰ সেৱাৰ বাবে বহু সুবিধাৰে এই হোটেলখন মুকলি কৰা হয় বুলি জানিবলৈ দিয়ে। গুৱাহাটীৰ স্পেন -আই-গেলেক্সী হোটেলছ্ৰ লগত সহযোগিতা থকা ক্লিক হোটেলৰ স্বতাধিকাৰী প্ৰসেনজিত চক্ৰৱৰ্তীয়ে জনোৱা মতে এই হোটেলখনত অসমৰ ৯৯%থলুৱা নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়া হৈছে৷ ভৱিষ্যতেও অসমৰ নিৱনুৱা যুৱক-যুৱতী তথা থলুৱা কৰ্মচাৰীক মকৰল কৰা হ’ব৷ ইপিনে, মুঠ ৮৮টা কোঠা থকা বিলাসী সুলভ হোটেলখনত বিনামূলীয়া ইণ্টাৰনেট সেৱা, সুষম খাদ্য, সুন্দৰ পৰিৱেশ, বিবাহ বা আন অনুষ্ঠান আয়োজনৰ সুবিধা, ৰেষ্টুৰেণ্ট-বাৰ, বেংকুৱেট হল আদিৰ সুবিধা থকাৰ লগতে আছে এচাম কৰ্মদ্যমী কৰ্মচাৰীৰ গ্ৰাহকৰ প্ৰতি সেৱা৷ মুম্বাইত মুখ্য কাৰ্যালয় থকা এই হোটেলখনে গুৱাহাটীৰ লালগণেশস্থিত নিজৰ চৌহদত গ্ৰাহকৰ বাহনসমূহৰো পাৰ্কিঙৰ সু-ব্যৱস্থা ৰাখিছে বুলি প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ অশোকে জানিবলৈ দিয়ে। ইতিমধ্যেই ক্লিক হোটেলে সকলো প্ৰয়োজনীয় সেৱাৰে গ্ৰাহকক আদৰিবলৈ সাজু হৈছে।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ