থোৰতে ৪টা ভাল খবৰ

0 219

IMG-20170919-WA0011

ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী কণমানিয়ে। স্বচ্ছ ভাৰত চিত্ৰাংকণ প্ৰতিযোগিতাত কণমাণিজনীয়ে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ গুণাভিৰাম বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী নৰ্মদা চেত্ৰীয়ে অংকন কৰা এখন চিত্ৰই দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰে।

IMG-20170919-WA0013

আনহাতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন সংযোজন ঘটিল। উল্লেখযোগ্য যে আমিনগাঁৱত আজি Technology Incubation Centre Guwahati Biotech Park ৰ আধাৰশিলা স্থাপন হয়। লগতে নতুনকৈ ৬ খন ঠাইত তাৰকাগৃহ স্থাপন কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ সমান্তৰালকৈ সোণাপুৰত Science City নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰে কামৰূপৰ দদৰাত তাৰকাগৃহ নিৰ্মাণৰ কথা জানিবলৈ দিয়ে।

IMG-20170919-WA0016

ইফালে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে চাৰিগৰাকীকৈ মহিলাই। South Africaত অনুষ্ঠিত হোৱা Common Wealth Powerlifting Championship ত মিনতী দিহিঙীয়া, মিনু গগৈ, অৰণ্যনানী গগৈ আৰু মৌচুমী বৰাই সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়। জানিব পৰা মতে Assam Association য়ে তেওঁলোকক বাচনি কৰি প্ৰতিযোগিতালৈ পঠাইছিল।

IMG-20170919-WA0017

গোষ্ঠী আৰু উদ্ভিদ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পোৱা বালিপাৰা ফাউণ্ডেশ্যনৰ উদ্যোগত ২ আৰু ৩ নবেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব চতুৰ্থ Eastern Himalayan Naturenomics Forum। আজি তাজ ভিভাণ্টাত অনুষ্ঠিত কৰা এক সংবাদ মেলত  এই জানিবলৈ  দিয়ে। ২০ খন দেশৰ ৬০০ ৰো অধিক অংশ গ্ৰহণকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য  যে বালিপাৰা ফাউণ্ডেশ্যনে প্ৰকৃতিৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

Leave A Reply

Your email address will not be published.