দক্ষিণ কামৰূপ মিৰ্জা ক’ভিড-১৯ চাফাই কৰ্মী সন্থাৰ বিধান সভাৰ অধ্যক্ষ, বিত্তমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ

0 262

যোৱা ২০২০ চনৰ পৰা সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো মহামাৰী ক’ভিড-১৯ য়ে দ্বিতীয়বাৰৰ বাবে বিভিষিকাময় সৃষ্টি কৰি জনসাধাৰণক আতংকিত কৰি তুলিছে। ক’ভিডৰ প্ৰথম লহৰৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন ক’ভিড কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰি চেণ্টাৰসমূহত চাফাই কৰ্মী নিয়োগৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। বিজ্ঞাপনৰ ভিত্তিত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি ৰাজ্যৰ বিভিন্ন জিলাত কোৱাৰেণ্টাইন চেণ্টাৰ, ক’ভিড কেয়াৰ চেণ্টাৰ, ক’ভিড চিকিৎসালয়, স্কেনিং চেণ্টাৰ আদিত স্বাস্থ্য বিভাগ, এন.এইচ.এম, জিলা উপায়ুক্ত, মহকুমাধিপতি, মিনিচিপাল্টি বোৰ্ডৰ অধ্যক্ষসকলে চাফ চিকুনৰ বাবে ১৩২৪ জন যুৱক-যুৱতীক চাফাই কৰ্মী হিচাপে নিযুক্তি প্ৰদান কৰিছিল। এই চাফাই কৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ভিড যুজাৰু হিচাপে নিষ্ঠাসহকাৰে সেৱা আগবঢ়োৱাৰ লগতে অনাগত সময়ত এটা ভাল কৰ্ম সংস্থাপনৰ লাভ কৰাৰ আশাত ক’ভিড যুজাৰু হিচাপে জপিয়াই পৰিছিল। বৰ্তমান উক্ত যুৱক-যুৱতীসকল কৰ্মহীন হৈ ঘৰখন চলাব নোৱাৰাৰ লগতে হতাশাত ভুগিছে। এই সন্দৰ্ভত অলপতে দক্ষিণ কামৰূপ (মিৰ্জা) ক’ভিড-১৯ চাফাই কৰ্মী সন্থাৰ সভাপতি বনজিৎ বৰুৱা আৰু সম্পাদক কৃষ্ণ দাসৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জড়িয়তে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগক ক’ভিড চাফাই কৰ্মীসকলক পুনৰ অসম চৰকাৰৰ যিকোনো চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ নাইবা ঠিকা ভিত্তিক চতুৰ্থ শ্ৰেণীৰ ৬০ বছৰলৈকে কৰ্মসংস্থাপন এটি কৰি দিয়াৰ বাবে বিনম্ৰ অনুৰোধ জনায়। উল্লেখ্য যে, কিছুদিনপূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক উক্ত বিষয় সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

Leave A Reply

Your email address will not be published.